ছিংগাপুৰৰ ফেশ্বন ষ্টাৰ্টআপ Zilingoৰ পৰা বৰ্খাস্ত হোৱা কোম্পানীটোৰ সহ-প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া অংকিতি বসুৱে ধৰ্ষণৰ ভাবুকি লাভ কৰিছে। সদ্য অপসাৰিত অংকিতিয়ে নিজে এই বিস্ফোৰক অভিযোগ কৰিছে৷
ইতিমধ্যে অংকিতি বসুৱে ছিংগাপুৰৰ আদালতত তেওঁ ধৰ্ষণৰ ভাবুকি আৰু ঘৃণাৰ বাৰ্তা পাই অহা বুলি অভিযোগ দাখিল কৰি সুৰক্ষা বিচাৰিছে।
উল্লেখ্য যে শেহতীয়াকৈ Zilingo-এ আৰ্থিক বিসংগতিৰ অভিযোগত অংকিতিক প্ৰতিষ্ঠানটোৰ পৰা বৰ্খাস্ত কৰিছিল। Zilingoৰ মতে, অংকিটিক নিলম্বনৰ সিদ্ধান্ত কোনো বিনিয়োগকাৰীয়ে নহয়, ব’ৰ্ডে যৌথভাৱেহে লৈছে।
লগতে পঢ়ক সাৱধান! কেব ড্ৰাইভাৰৰ কিশোৰীক যৌন নিৰ্যাতন, গ্ৰেপ্তাৰ আৰক্ষীৰ
কোম্পানীটোৰ সহ-প্ৰতিষ্ঠাপক অংকিতিয়ে তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টত লিখিছে– ‘‘মোৰ ব্যক্তিগত ফটো, চেট, নথি-পত্ৰ, ৰেকৰ্ড মোৰ সন্মতি অবিহনে নকল কপি লোৱা হৈছিল আৰু সেইবোৰ ইণ্টাৰনেটত প্ৰচাৰ কৰি থকা হৈছে। ই নকল যদিও তথাপিও ক্ষতিকাৰক। আৰু এয়া কোনে কৰি আছে নাজানো।’’
ইফালে প্ৰতিষ্ঠানটোৱে দাখিল কৰা অভিযোগসমূহ অংকিতি বসুৱে এতিয়াও দেখা নাই বুলি দাবী কৰিছে। অংকিটিয়ে ক’য় যে যি কোম্পানীটো তেওঁ প্ৰতিষ্ঠা কৰিছিল সেই কোম্পানীয়ে তেওঁক এটা ই-মেইলৰ জৰিয়তে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ