যাত্ৰীৰ অসভ্য আচৰণৰ মাজে মাজে কেব চালকৰ অসভ্য আৰু অপৰাধমূলক আচৰণৰ খবৰেও সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে৷
ইয়াৰ মাজতে যোৱা ২৫ মে’ত এগৰাকী ১৫ বছৰীয়া কিশোৰীক ওলাৰ চালকে যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ঘটনাটো মুম্বাইত সংঘটিত হৈছিল৷
ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ওলা চালকজনক গ্ৰেপ্তাৰো কৰিছে৷
লগতে পঢ়ক আৰিয়ানৰ বিৰুদ্ধে ভুৱা গোচৰ! : সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ
মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ওলা চালকগৰাকীক গোৰেগাঁও এলেকাৰ পৰাৰ গ্ৰেপ্তাৰ কৰা হৈছে৷ আৰক্ষী উপ পৰিদৰ্শক শচীন পাঞ্চালৰ উদ্ধৃতিৰে সংবাদ সংস্থা এএনাই-এ প্ৰকাশ কৰিছে যে অভিযুক্ত চালকগৰাকীক আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে ৩০ মে’লৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে৷
আৰক্ষীয়ে প্ৰকাশ কৰা মতে অভিযুক্ত চালকজনৰ নাম মুৰাৰীৰ কুমাৰ সিং আৰু তেওঁ বিহাৰৰ বাসিন্দা৷
উল্লেখ্য যে দেশৰ বিভিন্ন চহৰৰ লগতে মুম্বাইটো কেব চালকৰ অতপালি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ চলিত মাহৰ প্ৰথমভাগতে ২০১৫ চনত এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আদালতে ৩৫ বছৰীয়া সুখদেৱ তিলক নামৰ এগৰাকী চালকক এবছৰৰ কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনা বিহিছিল৷
লগতে পঢ়ক ফেচবুকত বিশেষ পৰিৱৰ্তন! কি কি পৰিৱৰ্তন হ’ল জানিবলৈ চাওক…
ইফালে যোৱা সপ্তাহত দিল্লী আৰক্ষীয়ে এজন যাত্ৰীৰ পৰা ২০ লাখৰো অধিৰ মূল্যৰ গহনা থকা এটা ট্ৰলী বেগ চুৰি কৰাৰ অভিযোগত এজন কেব চালকক গ্ৰেপ্তাৰ কৰি বাহনখনো জব্দ কৰিছিল৷
দেশৰ বিভিন্ন চহৰত কেব চালকৰ এনে অতপালি আৰু অপৰাধমূলক আচৰণত সাধাৰণ যাত্ৰী বিশেষকৈ মহিলা, যুৱতী তথা কিশোৰীসকলৰ নিৰাপত্তা নোহোৱা হৈ পৰা বুলি সৰ্বত্ৰে চৰ্চা চলিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ