• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কামাখ্যা মন্দিৰ কিয় ইমান বিখ্যাত, কিয় দুৰ্গাপূজা আৰু নৱৰাত্ৰীত দলে দলে ভক্তই এই মন্দিৰত ভিৰ কৰে?

কামাখ্যা মন্দিৰ কিয় ইমান বিখ্যাত, কিয় দুৰ্গাপূজা আৰু নৱৰাত্ৰীত দলে দলে ভক্তই এই মন্দিৰত ভিৰ কৰে?

2 years ago
বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

5 hours ago
ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

5 hours ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

6 hours ago
সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…

সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…

6 hours ago
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

7 hours ago
এতিয়াই লওক অলংকাৰ, অভাৱনীয় হাৰত দাম কমিছে সোণৰ

Gold-Silver Price Today: হ্ৰাস পালে সোণৰ মূল্য, শীঘ্ৰে ক্ৰয় কৰক পছন্দৰ গহনা!

8 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে সলনি হ’ব বহু ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য!

হাতলৈ আহিব ধন, শীঘ্ৰে সলনি হ’ব বহু ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য!

8 hours ago
ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী

ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী

8 hours ago
সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!

সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!

10 hours ago
কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

10 hours ago
পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

11 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

আজি কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য? পঢ়ক দৈনিক ৰাশিফল

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কামাখ্যা মন্দিৰ কিয় ইমান বিখ্যাত, কিয় দুৰ্গাপূজা আৰু নৱৰাত্ৰীত দলে দলে ভক্তই এই মন্দিৰত ভিৰ কৰে?

editor by editor
November 2, 2023
in অসম, জীৱনশৈলী, বিবিধ, ভাৰত
0
কামাখ্যা মন্দিৰ কিয় ইমান বিখ্যাত, কিয় দুৰ্গাপূজা আৰু নৱৰাত্ৰীত দলে দলে ভক্তই এই মন্দিৰত ভিৰ কৰে?
0
SHARES
4.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গুৱাহাটীৰ পশ্চিমাংশত অৱস্থিত নীলাচল পাহাৰত আছে কামাখ্যা দেৱালয়৷ এই স্থান হিন্দু তথা তান্ত্ৰিকসকলৰ অতি পবিত্ৰ তীৰ্থস্থল বুলি গণ্য কৰা হয়৷ এয়া এটা অতি প্ৰাচীন হিন্দু মন্দিৰ৷ দেৱী মহামায়াৰ এই মন্দিৰক কামাখ্যাৰূপেই দেশবাসীয়ে জানে৷ কামাখ্যা তীৰ্থক্ষেত্ৰ শক্তিপীঠেই নহয় তন্ত্ৰ সাধনাৰো বিশেষ ক্ষেত্ৰ৷ দুৰ্গাপূজাৰ সময়ত ইয়াত দলে দলে ভক্তই পূজাৰ পাৰে ভিৰ কৰে৷

৫১ শক্তিপীঠৰ অন্যতম এখনেই হৈছে কামাখ্যা দেৱালয়৷ হিন্দু পুৰাণমতে, ৰজা দক্ষৰ ইচ্ছাৰ বিৰুদ্ধে মহাদেৱক বিয়া কৰাইছিল কন্যা সতীয়ে৷ মহাদেৱৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবে দক্ষ ৰজাই বৃহস্পতি নামৰ এক যজ্ঞৰ আয়োজন কৰিছিল৷ যজ্ঞত সতী কিংবা মহাদেৱ কাকোৱেই আমন্ত্ৰণ জনোৱা নাছিল দক্ষ ৰজাই৷ মহাদেৱৰ অনিচ্ছা সত্ত্বেও সতীয়ে পিতৃয়ে আয়োজন কৰা যজ্ঞানুষ্ঠানলৈ যায়৷ মহাদেৱক সেই অনুষ্ঠানতেই দক্ষ ৰজাই অপমান কৰে৷ স্বামীক কৰা অপমান সহ্য কৰিব নোৱাৰি সেই স্থানতেই সতীয়ে দেহত্যাগ কৰে৷ শোকাহত মহাদেৱে দক্ষৰ যজ্ঞৰ মাজতেই খঙাল ৰূপ ধাৰণ কৰি দেৱী সতীৰ মৃতদেহ কান্ধত লৈ বিশ্বব্যাপী তাণ্ডৱ আৰম্ভ কৰে৷ তেওঁৰ তাণ্ডৱত বিশ্ব কঁপি উঠিল৷ মহাদেৱক শান্ত কৰাবলৈ সকলোপ্ৰকাৰে দেৱতাসকলে চেষ্টা চলায়৷ কিন্তু কোনোৱে মহাদেৱক শান্ত কৰাব নোৱাৰিলে৷ মহাদেৱৰ তাণ্ডৱ বন্ধ কৰিবৰ বাবে অন্যান্য দেৱতাসকলৰ অনুৰোধত বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰৰে সতীৰ মৃতদেহৰ ছেদন কৰে৷ সতীৰ দেহৰ ৫১ খণ্ড ভাৰতৰ বিভিন্ন স্থানত পৰিছিল৷ সেই ৫১ স্থানকেই পবিত্ৰ পীঠস্থান শক্তিপীঠ বা সতীপীঠ নামে পাছলৈ পৰিচিত হৈ পৰিল৷ কামাখ্যাও সেই শক্তিপীঠৰ মাজৰে এখন৷

ঋতুমতী দেৱী
হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰী আহাৰ মাহত মৃগ শিৰা নক্ষত্ৰৰ তিনিটা পদ শেষ হ’লেই পৃথিৱী বা ধৰিত্ৰী ঋতুময়ী হয়৷ এই সময়ছোৱাতেই অম্বুবাচী পালন কৰা হয়৷ এই উপলক্ষেই কামাখ্যা দেৱালয়ত বিশাল এক মেলাৰো আয়োজন কৰা হয়৷ অম্বুবাচীৰ দিনটোৰ পৰা মুঠ তিনিদিন দেৱী কামাখ্যাৰ মন্দিৰ বন্ধ থাকে৷ সেই তিনিদিন কোনো মাঙ্গলিক কাম কাজ কৰা নহয়৷ চতুৰ্থ দিনা দেৱীক স্নান কৰায় পূজা সম্পূৰ্ণ কৰাৰ পাছতহে দেৱী মূৰ্তি দৰ্শনৰ অনুমতি দিয়া হয় ভক্তক৷ সেই বিশেষ দিনকেইটাত এই স্থানত লাখ লাখ ভক্তই ভিৰ কৰে৷ এই ঘটনাৰ সাক্ষী হ’বলৈকে ভিৰ কৰে দেশী বিদেশী পৰ্যটকে৷ কামাখ্যা মন্দিৰ বন্ধ থাকোতেই চাৰিদিন ধৰি চলে নাম কীৰ্তন৷ অম্বুবাচীৰ শেষ দিনটোত ভক্তই ৰক্তবস্ত্ৰ ল’বলৈ ভিৰ কৰে৷ লোকবিশ্বাস যে সেই ৰক্তবস্ত্ৰ ধাৰণ কৰিলে মনোকামনা পূৰ্ণ হয় বুলি বিশ্বাস কৰে ভক্তই৷ অম্বুবাচী মেলা আন্তৰ্জাতিক স্তৰতো বিখ্যাত৷ মেলাক কেন্দ্ৰ কৰি যি বিশাল মেলাৰ আয়োজন কৰা হয় সেয়াও কিন্তু চাবলগীয়া৷

যোনি পূজা
কথিত অনুসৰি এই স্থানত সতীৰ দেহত্যাগৰ পাছত বিষ্ণুৰ সুদৰ্শন চক্ৰত যোনি ছিন্ন হৈ পৰিছিল৷ বাৰাণসীৰ বৈদিক ঋষি বাৎস্যায়নৰ খ্ৰীষ্টীয় প্ৰথম শতাব্দীত নেপালৰ ৰজাৰ দ্বাৰস্ত হৈ উপজাতীয় গোষ্ঠীসমূহক হিন্দুধৰ্মত ধৰ্মান্তৰিত আৰু তেওঁলোকক নৰবলি প্ৰথাৰ গ্ৰহণযোগ্য বিকল্প আৰম্ভ কৰাৰ বাবে অনুৰোধ কৰে৷ বাৎস্যায়নৰ মতে, পূব হিমালয়ৰ গাৰো পাহাৰত দেৱীৰ তান্ত্ৰিক পূজা প্ৰচলিত আছিল৷ তাতেই আদিবাসী সকলে দেৱীৰ যোনিক ‘কামাকি’ নামৰ পূজা কৰা হয়৷ ব্ৰাহ্মণ্যযুগত কালিকাপুৰাণত সকলোৱেই দেৱীক মহাশক্তিৰ অংশ বুলি পূজা কৰে৷ সেই হিচাপে কামাখ্যাও মহাশক্তিৰেই অংশ হিচাপে পূজা কৰা হয়৷ এই মন্দিৰ কলা জাদু দূৰ কৰাৰ বাবেও বিখ্যাত৷ বশীকৰণৰ বাবে কামাখ্যাত বহুতেই নানান যাগযজ্ঞ কৰে৷

প্ৰধান মহাশক্তি পীঠসমূহৰ মাজত এই শক্তিপীঠো অন্যতম
কামাখ্যা মন্দিৰ হিন্দুৰ ৫১ শক্তিপীঠৰ অন্যতম৷ দেশৰ প্ৰাচীন মন্দিৰসমূহৰ মাজত এখন হৈছে কামাখ্যা মন্দিৰ৷ আনুমানিক অষ্টম শতাব্দীত এই মন্দিৰ প্ৰতিষ্ঠিত৷ ষোড়শ শতাব্দীত কোচবিহাৰৰ ৰজা নৰনাৰায়ণে এই মন্দিৰ প্ৰতিষ্ঠা কৰা বুলি ইতিহাসত লিখা আছে৷ পৰবৰ্তী সময়ত এই মন্দিৰ আকৌ ন’কৈ সজা হয়৷ মন্দিৰ পুনঃসজ্জাৰ বাবে কোচবিহাৰৰ ৰজাৰ এই মন্দিৰ পুনঃনিৰ্মাণৰ বাবে ৰজা ৰুদ্ৰ সিংহৰ জ্যেষ্ঠ পুত্ৰ শিবা সিংহই কাৰিকৰ হিচাপে নিযুক্তি দিছিল মহন্ত কৃষ্ণৰাম ভট্টাচাৰ্যক৷

মূৰ্তিহীন মন্দিৰ
কামাখ্যা মন্দিৰত চাৰিটা কক্ষ আছে৷ গৰ্ভগৃহ আৰু তিনিটা মণ্ডপ৷ মণ্ডপসমূহৰ নাম হৈছে চলন্ত, পঞ্চৰত্ন আৰু নাটমন্দিৰ৷ গৰ্ভগৃহটো পঞ্চৰথ স্থাপত্যশৈলীত নিৰ্মিত৷ মন্দিৰৰ গৰ্ভগৃহটো প্ৰকৃততে এটা ভূগৰ্ভস্থ গুহাহে৷ তাত কোনোধৰণৰ মূৰ্তি নাই৷ এই গৰ্ভগৃহত আছে কেৱল এটি সৰু গাঁত৷ এই গাঁত প্ৰায় ১০ ইঞ্চি দ৷ এই গাঁত সদায়ে পানীৰে পূৰ্ণ হৈ থাকে৷ অত্যন্ত সৰু আৰু অন্ধকাৰাচ্ছন্ন৷ ইয়াৰোপৰি এই গৰ্ভগৃহতেই আছে যোনিৰ আকৃতিৰ শিলাখণ্ড৷

তান্ত্ৰিকৰ আখৰা
কামাখ্যা মন্দিৰত কলা জাদুৰ পূজাক লৈ এক প্ৰাচীন বিশ্বাস আছে৷ এই মন্দিৰত কলা জাদু কৰা নহয়৷ বশীকৰণো কৰা নহয়৷ কামাখ্যা মন্দিৰ দেৱালয়লৈ গ’লেই কলা জাদু আৰু বশীকৰণৰ পৰা মুক্তি লাভ কৰে বুলি এক লোকবিশ্বাস আছে৷ আশ্চৰ্যৰ বিষয় যে, আজিৰ একবিংশ শতাব্দীতো মানুহে কলা জাদু আৰু বশীকৰণৰ সমস্যাত ভূগে বুলি বহুতেই বহুসময়ত হৈ আহিছে৷ এই সমস্যাৰ পৰা মুক্তি পাবলৈকো বহুতেই এই মন্দিৰত পূজা অৰ্চনা কৰে৷ সাধু, অঘোৰীসকলেও এই মন্দিৰত যাগযজ্ঞ কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?
জীৱনশৈলী

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

March 24, 2026
ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!
জীৱনশৈলী

ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

March 24, 2026
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!
ভাৰত

ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

March 24, 2026
সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…
জীৱনশৈলী

সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…

March 24, 2026
Next Post
আপোনাৰ হাতত এতিয়াও ২০০০ টকীয়া নোট আছে নেকি? পোষ্ট অফিচৰ সহায়তেই সলনি কৰিব পাৰিব ২০০০ টকীয়া নোট৷ কিন্তু কেনেকৈ?

আপোনাৰ হাতত এতিয়াও ২০০০ টকীয়া নোট আছে নেকি? পোষ্ট অফিচৰ সহায়তেই সলনি কৰিব পাৰিব ২০০০ টকীয়া নোট৷ কিন্তু কেনেকৈ?

ঠিক ৩ দিনৰ পাছতেই বৃশ্চিক ৰাশিত বুধে গোচৰ কৰিব, অৰ্থ-খ্যাতি-সৌভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ জাতকৰ

ঠিক ৩ দিনৰ পাছতেই বৃশ্চিক ৰাশিত বুধে গোচৰ কৰিব, অৰ্থ-খ্যাতি-সৌভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.