• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতি নেলছন মেণ্ডেলাৰ এইকেইটা কথা জানেনে? ১০৫ বছৰীয়া জন্মদিনত প্ৰাসংগিক হৈ উঠিছে নেলছন মেণ্ডেলা

প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতি নেলছন মেণ্ডেলাৰ এইকেইটা কথা জানেনে? ১০৫ বছৰীয়া জন্মদিনত প্ৰাসংগিক হৈ উঠিছে নেলছন মেণ্ডেলা

3 years ago
ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

18 minutes ago
৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

37 minutes ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

1 hour ago
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

2 hours ago
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

2 hours ago
মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

3 hours ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

3 hours ago
২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

4 hours ago
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

5 hours ago
কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

5 hours ago
৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

5 hours ago
মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতি নেলছন মেণ্ডেলাৰ এইকেইটা কথা জানেনে? ১০৫ বছৰীয়া জন্মদিনত প্ৰাসংগিক হৈ উঠিছে নেলছন মেণ্ডেলা

editor by editor
July 18, 2023
in জীৱনশৈলী, বিশ্ব, ভাৰত
0
প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতি নেলছন মেণ্ডেলাৰ এইকেইটা কথা জানেনে? ১০৫ বছৰীয়া জন্মদিনত প্ৰাসংগিক হৈ উঠিছে নেলছন মেণ্ডেলা
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতত যেনেকৈ জাতিভেদ আছে তেনেকৈ তাত ৰঙৰ ভেদাভেদ আছিল। হয়তো আজিও আছে। দেশৰ জাতিভেদক লৈ যেনেকৈ মহাত্মা গান্ধীয়ে মাত মাতিছিল তেনেকৈ দক্ষিণ আফ্ৰিকাত ৰঙৰ ভেদাভেদ আঁতৰাবলৈ আমৃত্যু কাম কৰিছিল এজন ব্যক্তিয়েই। তেৱেই নেলছন মেণ্ডেলা। মেণ্ডেলাৰ এটা এটা শব্দতেই যেন যাদু আছিল। তেওঁৰ শব্দৰ আপুনি নিৰৱ শ্ৰোতা ক’ব নোৱাৰাকৈয়ে হৈ পৰাকৈ শক্তিশালী আছিল তেওঁৰ শব্দ।

ভাৰতৰ লোকেও কিয় ভালপায় নেলছন মেণ্ডেলাক? দক্ষিণৰ কোনোৱা প্ৰান্তীয় এলেকাৰ পৰা বিশ্বত নিজকে প্ৰতিষ্ঠা কৰা নেলছন মেণ্ডেলাৰ এই যাত্ৰা জানো মসৃণ আছিল। খোজে প্ৰতি প্রত্যাহ্বান। কেতিয়াবা যদি মেণ্ডেলাৰ ঠিকনা আছিল কাৰাগাৰ কেতিয়াবা তেওঁ হৈছিল দক্ষিণ আফ্ৰিকাৰ প্ৰতিজন নিপীড়িতৰ হৃদকম্পন। সেই নেলছন মেণ্ডেলাৰ চৰ্চা ভাৰতত হোৱাৰ কাৰণো এটাই। নেলছন মেণ্ডেলাৰ যুদ্ধখনত ভাৰতীয় লোক একাত্ম হৈ উঠিব পাৰে। নেলছনে কোৱা কথাবোৰে ভাৰতৰ প্ৰতিজন নিপীড়তৰো প্ৰতিবাদৰ ভাষা হৈ ধৰা দিয়ে।

নেলছন মেণ্ডেলা সন্দৰ্ভত ভাৰতীয় চুপাৰষ্টাৰ বিগবী অমিতাভ বচ্চনে তেওঁৰ টুইটাৰ একাউণ্টত লিখিছিল এটা বিশেষ লেখা। অমিতাভ বচ্চনে নেলছন মেণ্ডেলা সন্দৰ্ভত কৈছিল, ‘নেলছন মেণ্ডেলা আধুনিক সময়ত পৃথিৱীলৈ অহা সকলোতকৈ মহান লোকসকলৰ মাজৰে এজন। তেওঁৰ কথা আৰু কামত মিল আছিল। যি কয় সেয়া শিলৰ ৰেখা আছিল তেঁওৰ বাবে। আত্মবিশ্বাসেৰেই তেওঁ যুঁজ দিছিল। ভাৰতৰ পৰা তেওঁক দিয়া সৰ্বোচ্চ সন্মান তেওঁৰ প্ৰাপ্যই।’

দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিৰ আসনত বহা মেণ্ডেলা ২৭বছৰ কাৰাগাৰতো আছিল। কাৰাগাৰলৈ যোৱাৰ কাৰণ এটাই। তেওঁ দক্ষিণ আফ্ৰিকাৰ ৰঙভেদ প্ৰথাৰ বিৰুদ্ধে মাত মতা। কঠোৰ শাস্তিৰ সন্মুখীন হৈয়ো তেওঁ হাৰ মনা নাছিল। জে’লৰ পৰা ওলাই দিয়া এটা মন্তব্যত নেলছন মেণ্ডেলাই কৈছিল, ‘মই ২৭বছৰীয়া ছুটিত গৈছিলো।’

নেলছন মেণ্ডেলাৰ জন্ম ১৯১৮ চনৰ ১৮ জুলাইত হৈছিল। নেলছনৰ নামৰ সৈতে লাগি থকা উপাধিক লৈয়ো বহুতেই প্ৰশ্ন কৰে। দক্ষিণ আফ্ৰিকাত চৰ্দাৰৰ পুতেকক মেণ্ডেলা বুলি কোৱা হয়। সৰুৰে পৰাই মেণ্ডেলাই প্ৰতিষ্ঠানিক বৰ্ণবিভাজন আৰু বৈষম্য ব্যৱস্থাৰ বিৰুদ্ধে যুঁজি আহিছিল। বৰ্ণবাদী অন্যায়ৰ সন্মুখীন হৈ অহা মেণ্ডেলা আইনৰ ছাত্ৰও আছিল। এইসমূহ অভিজ্ঞতাই তেওঁক যুঁজিবলৈ শিকাইছিল। ১৯৪৪ চনত মেণ্ডেলাই বৰ্ণ বৈষম্যক প্ৰত্যাহ্বান জনোৱা আৰু কৃষ্ণাংগৰ অধিকাৰৰ পোষকতা কৰা ৰাজনৈতিক দল আফ্ৰিকান নেচনেল কংগ্ৰেছ(এএনচি)ত যোগদান কৰে।

বৰ্ণবাদী সমাজ ব্যৱস্থাক ওফৰাই পেলাবলৈ মেণ্ডেলাই শান্তিপূৰ্ণ প্ৰতিবাদ, ধৰ্মঘট, বৰ্জনৰ লগতে ভালেমান জংগী কাৰ্যসূচীৰো নেতৃত্ব দিছিল। বৰ্ণবৈষম্যৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। যাৰ ফলত ১৯৬২ চনত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল। কাৰাগাৰত বন্দী হৈ থকাৰ পিছতো তেওঁ নিপীড়িতসকলৰ বাবে আশাৰ প্ৰতীক হৈয়েই থাকিল।

২৭ বছৰ ৭ মাহ কাৰাবাস খটাৰ পিছত ১৯৯০ চনৰ ১১ ফেব্ৰুৱাৰীত কাৰাগাৰৰ পৰা মুক্তি পোৱা মেণ্ডেলাই সম্প্ৰীতি আৰু জাতি-নিৰ্মাণৰ পথত নামি পৰে। তেওঁ কাৰাগাৰৰ পৰা ওলাই শ্বেতাংগ শাসকৰ লগত শান্তিপূৰ্ণ আলোচনাৰ পোষকতা কৰে। অহিংসা আৰু সৰ্বাংগীনতাৰ প্ৰতি মেণ্ডেলাই প্ৰদৰ্শন কৰা দায়বদ্ধতাই গণতান্ত্ৰিক দক্ষিণ আফ্ৰিকাৰ পথ প্ৰশস্ত কৰিলে। মেণ্ডেলাই এই দীঘলীয়া সংগ্ৰামৰ ফলতে ১৯৯৪ চনত দেশৰ প্ৰথমটো সৰ্বজাতিক আৰু গণতান্ত্ৰিক নিৰ্বাচন অনুষ্ঠিত হয়। ১৯৯৪ চনৰ পৰা ১৯৯৯ চনলৈ নেলছন মেণ্ডেলাৰ ৰাষ্ট্ৰপতিত্বৰ সময়ছোৱা দক্ষিণ আফ্ৰিকাৰ বাবে আছিল এক নতুন যুগ। প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতি হিচাপে তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰিছিল।

ৰাষ্ট্ৰপতিৰ বাহিৰেও মেণ্ডেলাই বিশ্বব্যাপী শান্তি, সমতা আৰু মানৱ অধিকাৰৰ প্ৰসাৰৰ বাবে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল। তেওঁ এইচ আই ভি/এইডছ সজাগতা আৰু শিক্ষাৰ এক প্ৰভাৱশালী সমৰ্থক হৈ পৰিছিল। নেলছন মেণ্ডেলা ফাউণ্ডেশ্যন আৰু নেলছন মেণ্ডেলা শিশু পুঁজি স্থাপনৰ জৰিয়তে তেওঁ পিছপৰা লোকসকলক আগুৱাই লৈ যোৱাৰ চেষ্টা কৰিছিল। ২০১৩ চনৰ ৫ ডিচেম্বৰৰ দিনা বাৰ্ধক্যজনিত কাৰণত ৯৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে নেলছন মেণ্ডেলাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ
জীৱনশৈলী

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

March 23, 2026
৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?
জীৱনশৈলী

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

March 23, 2026
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

March 23, 2026
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?
জীৱনশৈলী

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

March 23, 2026
Next Post
ভয়াৱহ ঘটনা! ‘নমামী গংগা’ প্ৰকল্পৰ ট্ৰেন্সফৰ্মাৰ ফাটি ১৫জনৰ মৃত্যু, আহত কেইবাজনো লোক

ভয়াৱহ ঘটনা! 'নমামী গংগা’ প্ৰকল্পৰ ট্ৰেন্সফৰ্মাৰ ফাটি ১৫জনৰ মৃত্যু, আহত কেইবাজনো লোক

‘ব্যৰ্থ হ’ব চন্দ্ৰযান-৩!’, অধ্যাপকৰ এটা পোষ্টক লৈ সামাজিক মাধ্যমত বিতৰ্ক

'ব্যৰ্থ হ’ব চন্দ্ৰযান-৩!’, অধ্যাপকৰ এটা পোষ্টক লৈ সামাজিক মাধ্যমত বিতৰ্ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.