অসম লাইভ ২৪ঃ আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। সুস্থ আৰু নিৰোগী হৈ থাকিবলৈ যোগ এক শক্তি। ২০১৫ চনৰ পৰা ২১ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে। এইবৰ্ষৰ যোগ দিৱসৰ থীম- ‘yoga for wellness’। যোগ দিৱস উপলক্ষে সোমবাৰে পুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে আয়োজন কৰা অনুষ্ঠানত ভাৰ্চুয়েলী অংশ লৈ বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগত প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰে m-yoga এপ। অনুষ্ঠানত অংশ লয় কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুয়ে। এপ উদ্বোধন কৰি মোদীয়ে কয় যে সমগ্ৰ দেশে কোভিড মহামাৰীৰ বিৰুদ্ধে যুঁজি থকাৰ সময়ত যোগ এক বিশ্বাসৰ এক কাৰণ হৈ পৰিছে। যোগে আমাক দুঃচিন্তাৰ পৰা শক্তিলৈ, নকৰাত্মকৰ পৰা ৰচনাত্মক পথ দেখুৱাই। জনতাৰ সুস্বাস্থ্যৰ ক্ষেত্ৰত অনুপ্ৰেৰণামূলক ভূমিকা পালন কৰি থাকিব যোগে। ক’ৰোনাৰ বিৰুদ্ধে যোগ এক সাহস, যোগ এক শক্তি। সমগ্ৰ বিশ্বৰ লগতে ভাৰত তথা অসমতো পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে যোগাসন। হৰিদ্বাৰৰ পতঞ্জলি যোগপীঠত কোভিড প্ৰট’কল মানি পালন কৰা হৈছে যোগ দিৱস।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ