২৮ তাৰিখ দেওবাৰে অনুষ্ঠীত হ’বলগীয়া অসম চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰিৰ নিযুক্তি পৰীক্ষাৰ বাবে ৰাজ্য ২৫ খন জিলাত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হ’ব৷
অসম চৰকাৰে পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ স্বাৰ্থ পৰীক্ষাকালীন সময়ত ইন্টাৰনেট সেৱা কৰ্তন কৰাৰ কথা ঘোষণা কৰিছে৷
উল্লেখ্য যে যোৱা ২১ আগষ্টটো চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ স্বাৰ্থত ৰাজ্যৰ ২১ খন জিলাত চৰকাৰে ইণ্টাৰনেট সেৱা কৰ্তন কৰিছিল৷
লগতে পঢ়ক NATOত জাল পেলাইছিল ৰহস্যময়ী ৰুছ সুন্দৰীয়ে, কোন এই ৰহস্যময়ী ৰুছ সুন্দৰী? কেনেকৈ পেলাইছিল জাল?
ইয়াৰ পিছতে ইণ্টাৰনেট সেৱা কৰ্তনৰ চৰকাৰী সিদ্ধান্তক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰা হৈছিল৷ ৰাজু শৰ্মা নামৰ লোকজনে দাখিল কৰা এই আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে স্থগিতাদেশ জাৰি কৰিবলৈ অস্বীকাৰ কৰে৷
স্মৰ্তব্য যে যোৱা ২১ তাৰিখৰ নিযুক্তি পৰীক্ষাৰ বাবে ৰাজ্যৰ ২১ খন জিলাত ইন্টাৰনেট সেৱা কৰ্তন কৰাৰ ফলত ৰাজ্যত ইণ্টাৰনেটৰ মাধ্যমেৰে সম্পন্ন হোৱা ডিজিটেল ব্যৱসায়, বিত্তীয় লেনদেন, অনলাইন ব্যৱসায়িক প্ৰতিষ্ঠান, ওলা-উবেৰ আদিয়ে ব্যাপক লোকচানৰ সন্মুখীন হয়৷
২৮ আগষ্টটো নিযুক্তি পৰীক্ষাৰ বাবে ৰাজ্যৰ ২৫ খন জিলাত ইন্টাৰনেট সেৱা কৰ্তন কৰাৰ ফলত পূৰ্বতকৈ অধিক ব্যৱসায়িক লোকচান হোৱাৰ আশংকা কৰা হৈছে৷ মুঠৰ ওপৰত ২৮ আগষ্টত ৰাজ্যৰ ডিজিটেল জীৱন স্তব্ধ হৈ পৰাটো খাটাং৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















