মিউচুৱেল ফাণ্ড এই সময়ত বিনিয়োগকাৰীৰ আববে এক প্ৰিয় বিনিয়োগ বিকল্প হৈ উঠিছে৷ বেছিভাগ মানুহেই বিনিয়োগৰ বাবে SIP বাচি লয়৷ SIPত প্ৰকৃততে কিস্তিত বিনিয়োগ কৰাৰ সুযোগ দিয়ে৷ যিয়ে বিনিয়োগৰ পৰিমাণ কমাই দিয়ে আৰু কম পৰিমাণে বিনিয়োগ কৰা হলেও এতিয়া এক উল্লেখযোগ্য তহবিল তৈয়াৰ কৰাত সহায় কৰিব পাৰে৷ SIP-ৰ মাধ্যমত বিনিয়োগৰ বাবে ধৈৰ্য্যৰ প্ৰয়োজন৷ SIP কেলকুলেটৰ ব্যৱহাৰ কৰি জানি থওক ৫০০০ টকাৰ মাহিলী SIP বিনিয়োগৰ পৰা ২০ লাখ টকাৰ কৰ্পাছ জমা কৰিবলৈ কিমান সময় লাগিব?
প্ৰতিমাহত ৫০০০ টকাৰ বিনিয়োগৰ ৰিটাৰ্ণ কিমান?
ধৰি লোৱা হ’ল ১২ শতাংশ সুদত যদি কোনো ব্যক্তিয়ে প্ৰতিমাহে ৫০০০ টকা জমা কৰে তেতিয়া ২০ লাখ টকাৰ তহবিল তৈয়াৰ কৰিবলৈ ১৪ বছৰ ধৰি বিনিয়োগ কৰিব লাগিব৷ এই ১৪ বছৰত মূলধন হ’ব ৮৪০,০০০ টকালৈ বৃদ্ধি পাব৷ অন্যহাতে তেওঁ কেৱল সুদ হিচাপেই পাব ১৩৪২,০০০ টকা৷ ১৪ বছৰত ১২ শতাংশ সুদ মিলাই জমা হব মুঠ ২১৮২,০০০ টকা৷
কোন ফাণ্ডে সৰ্বোচ্চ ৰিটাৰ্ণ দিয়ে?
নিপ্পন ইণ্ডিয়া টাইৱান ইক্যুইটি ফাণ্ডে এই বছৰ দেশত সৰ্বোচ্চ ৰিটাৰ্নিং ফাণ্ড হিচাপে ৰেকৰ্ড গঢ়িছে৷ এই এবছৰত ৰিটাৰ্ণ ৪১ শতাংশ প্ৰদান কৰিছে৷ ইয়াত ব্যয় অনুপাত ১.০৪ শতাংশ আৰু AUM ₹৪২১.৫০৮৫ কোটি৷
আনহাতে আদিত্য বিৰলা এছ এল ইণ্টাৰনেশ্ব্যনেল ইক্যুইটি ফাণ্ডে এবছৰত ২৮.৭০শতাংশ ৰিটাৰ্ণ দিছে৷ ইয়াৰ ব্যয় অনুপাত ২.০৮ শতাংশ৷ যি নিপ্পন ইণ্ডিয়া টাইৱান ইক্যুইটি ফাণ্ডৰ ব্যয় অনুপাতৰ দ্বিগুণ৷ এটা কথা জানি থোৱা প্ৰয়োজন যে কেৱল ৰিটাৰ্ণ চাইয়েই বিনিয়োগ কৰা উচিত নহয়৷ সকলো বিষয় ভালধৰণে চালিজাৰি চাইহে বিনিয়োগ কৰা উচিত৷ এই বিষয়ে এজন আৰ্থিক উপদেষ্টাৰ পৰামৰ্শও লব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ