পোষ্ট অফিচ হৈছে সকলো মানুহৰেই ভৰসাৰ স্থান৷ ইয়াত ধন বিনিয়োগ কৰিলে হেৰুওৱাৰ ভয় নাথাকে৷ শ্বেয়াৰ মাৰ্কেটত বহুতেই ধন বিনিয়োগ কৰিবলৈ সাহস নকৰে সেয়ে তেনে লোকৰ ভৰসাৰ ঠাই পোষ্ট অফিচ৷ পোষ্ট অফিচত আছে ৰেকাৰিং ডিপোজিট স্কিম৷ তাতেই সুদৰ হাৰ হৈছে ৬.৭ শতাংশ৷ যদি ৫ বছৰ ধৰি ধন বিনিয়োগ কৰে তেন্তে ইয়াত ৰিটাৰ্ণ হিচাপে কিমান ধন আপুনি পাব? অৱশ্যে এই ক্ষেত্ৰত কিমান ধন বিনিয়োগ কৰিছে তাৰ ওপৰতো কথা থাকে৷
যদি এই ৰেকাৰিং স্কিমত মাহে ৭হাজাৰ টকাকৈ বিনিয়োগ কৰে তেন্তে আপুনি মুঠ জমা কৰিব ৪লাখ ২০ হাজাৰ টকা৷ ইয়াৰ ওপৰত যদি ৬.৭শতাংশ হাৰত সুদ পোৱা যায় তেন্তে সুদ হিচাপে পাব ৭৯ হাজাৰ ৫৬৮ টকা৷ তেন্তে আপোনাৰ হাতলৈ আহিব ৪লাখ ৯৯ হাজাৰ ৫৬৪ টকা৷ অৰ্থাৎ প্ৰায় ৫লাখ টকা৷ ইয়াৰপাছতো যদি আৰু ৫বছৰ ধৰি আপুনি এই ধনৰাশি দি থাকে তেন্তে আপুনি ১০ বছৰত লাভ কৰিব ১২লাখ টকা৷ এই স্কিমটো আপুনি বা দুজন মিলিও কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















