অসম লাইভ২৪ঃ আইপিএল চলি আছে। আইপিএলৰ মাজতেই নিৰ্বাসনৰ শাস্তি পাব এইবাৰ ৫গৰাকী অধিনায়কে। আইপিএলৰ নিয়ম ভঙাৰ বাবেই এই শাস্তি পাব পাৰে ৫ অধিনায়কে। এই অধিনায়কসকলৰ ভিতৰত আছে হাৰ্দিক পাণ্ডিয়া, লোকেশ ৰাহুল, সঞ্জু ছেমচন, ফেক ডু্প্লেছি আৰু ৰোহিত শৰ্মাই। আইপিএলৰ আৰম্ভনিৰ পৰাই কেইবাখনো মেচ সময়ত অনুষ্ঠিত হোৱা নাই। মেচত শ্ল অভাৰ ৰেট বলিঙৰ বাবেই জৰিমনা বিহা হৈছিল অধিনায়ক কেইজনক।
পঞ্জাৱ কিংছৰ বিৰুদ্ধে অনুষ্ঠিত মেচত শ্ল অভাৰ ৰেট বলিঙৰ বাবে ১২ লাখ টকাৰ জৰিমনা বিহা হৈছে গুজৰাট টাইটান্সৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াক। ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অনুষ্ঠিত মেচত জৰিমনাৰ শাস্তি পাইছিল লক্ষ্নৌ চুপাৰ জায়াণ্টৰ অধিনায়ক ৰাহুলে। সেই মেচতো জৰিমনা বিহা হৈছিল ৰাজস্থানৰ অধিনায়ক সঞ্জুক। চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে শ্ল অভাৰ ৰেটৰ বাবে শাস্তি পাইছিল ৰয়েল চেলেঞ্জাৰছ বাংগালুৰোৰ অধিনায়ক ডুপ্লেছিয়ে।
আইপিএলৰ নিয়ম অনুসৰি, প্ৰথম শ্ল অভাৰ ৰেট বলিঙৰ বাবে ১২ লাখ টকাৰ জৰিমনা বিহা হয় অধিনায়কক। দ্বিতীয়বাৰ এই নিয়ম ভাঙিলে ২৪ লাখ টকালৈ জৰিমনা বিহিব বুলি জনাইছে বিচিচিআইয়ে। তৃতীয়বাৰৰ বাবে এই ভুল কৰিলে ১খন মেচৰ পৰা নিৰ্বাসন দিয়া হয় অধিনায়কক। আইপিএলত বৰ্তমানো আধাতকৈয়ো বেছি মেচ বাকী আছে। কিন্তু ৰোহিতৰ ক্ষেত্ৰত বিষয়টো কিছু সুকীয়া। কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৰোহিতৰ ঠাইত অধিনায়কত্বৰ দায়িত্ব লৈছিল সূৰ্যকুমাৰ যাদৱ। সেই মেচতো শ্ল অভাৰ ৰেট বলিঙৰ বাবেই জৰিমনা বিহা হৈছিল সূৰ্যক। কিন্তু সেই মেচত ৰোহিতৰ পৰিবৰ্তে সূৰ্যই ভুল কৰিলেও শাস্তি অধিনায়কেই পায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ