অসম লাইভ২৪ঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মানৱবোমাৰে উৰুৱাই দিয়াৰ ধমকি দি লিখা চিঠি পঠিয়াই দিয়া হৈছিল বিজেপিৰ সদৰ কাৰ্যালয়লৈ। সেই ঘটনাত জড়িত থকাৰ সন্দেহত এজন ব্যক্তিক অৱশেষত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি মালয়ালম ভাষাত এই পত্ৰ লিখিছিল ব্যক্তিজনে। সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰা অনুসৰি দেওবাৰে পুৱা কোচি পুলিচ কমিছনাৰেট জেভিয়াৰ নামৰ ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কিছুদিন পূৰ্বে কেৰালাৰ বিজেপি সভাপতি কে সুৰেন্দ্ৰই এখন বিশেষ চিঠি লাভ কৰিছিল।
সেই চিঠিত প্ৰধানমন্ত্ৰী মোদীৰ অৱস্থা দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ দৰেই হ’ব বুলি উল্লেখ আছিল। মানৱ বোমাৰে উৰুৱাই দিয়া হ’ব বুলিও উল্লেখ আছিল চিঠিখনত। চিঠিত প্ৰেৰকৰ নাম, ঠিকনাসহ যাৱতীয় তথ্য উল্লেখো আছিল। সূত্ৰ অনুসৰি আৰক্ষীয়ে এনকে জনি নামৰ এজন ব্যক্তিক আটক কৰি সোধপোচ কৰে। কিন্তু সেই ব্যক্তিজনে চিঠিখন সন্দৰ্ভত একো নাজানো বুলি প্ৰকাশ কৰে। কোচিৰ আৰক্ষী কমিছনাৰে জনোমা অনুসৰি ধৃত ব্যক্তিগৰাকীৰ সৈতে চিঠিত নাম উল্লেখ কৰা ব্যক্তিজনৰ শত্ৰুতা আছিল। তেওঁলোক দুয়ো প্ৰতিবেশীও। ফচাই দিবৰ বাবেই এনকে জনীৰ নাম ঠিকনা উল্লেখ কৰিছিল জেভিয়াৰে। ফৰেন্সিক পৰীক্ষাত বিষয়টো স্পষ্ট হৈ পৰিছে। জেভিয়াকৰ আজি পুৱাৰ ভাগতেই গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
উল্লেখ্য যে সোমবাৰে অৰ্থাৎ কাইলৈ কেৰালালৈ যাব মোদী। সোমবাৰে তিৰুঅনন্তপুৰমত বন্দে ভাৰত এক্সপ্ৰেছৰ উদ্বোধন কৰাৰ লগতে ৰোড শ্ব’টো অংশগ্ৰহণ কৰিব মোদীয়ে। কেৰালাৰ ৰাজ্যিক বিজেপিয়ে মোদীৰ এই সম্ভাব্য কৰ্মসূচীৰ কথা পূৰ্বেই প্ৰকাশ কৰিয়েই এই বিপদৰ সন্মুখীন হৈছে। মোদী কেৰালাত উপস্থিত হোৱাৰ প্ৰাকক্ষণত এই চিঠি দেখা মাত্ৰকেই ৰাজ্যৰ ৰাজনীতি গৰম হৈ পৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ