ডিজিটেল ডেস্কঃ আই পি এলত ইতিহাস সৃষ্টি কৰি অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সক ২০.৫কোটি টকাত ক্ৰয় কৰিলে হায়দৰাবাদে। আই পি এলৰ ইতিহাসত সৰ্বাধিক দামী খেলুৱৈ হিচাপে পৰিগণিত হোৱাৰ পাছতে এতিয়া অষ্ট্ৰেলিয়াৰ খেলুৱৈসকলক লৈ আৰম্ভ হৈছে চৰ্চা। আই পি এলত এইবাৰেই নহয়, পূৰ্বৰে পৰাই দামী খেলুৱৈ হিচাপে বিবেচিত হৈছে অষ্ট্ৰেলিয়াৰ খেলুৱৈসকল।
এই বৰ্ষত ২০.৫কোটি টকাত বিক্ৰী যোৱা অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সক ২০২০ বৰ্ষত কলকাতাই ১৫কোটিৰো অধিক টকাত ক্ৰয় কৰিছিল। বিশ্বকাপ-২০২৩ৰ খিতাপ দখল কৰাৰ পাছতে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সৰ দাম প্ৰায় ৫কোটি টকা বৃদ্ধি পালে।
আই পি এলত অষ্ট্ৰেলিয়াৰ খেলুৱৈসকলৰ দাম আগৰে পৰাই অধিক। ২০২২বৰ্ষত অষ্ট্ৰেলিয়াৰ খেলুৱৈ কেমৰন গ্ৰীণক মুম্বাইএ ক্ৰয় কৰিছিল ১৭.৫কোটি টকাত। ঠিক তেনেদৰে মেক্সৱেলকো ২০২১ত আৰ চি বিয়ে ১৪.২৫কোটি টকাত ক্ৰয় কৰিছিল। এয়াও আছিল সেই সময়ত এক অভিলেখ।
২০২১ত অষ্ট্ৰেলিয়াৰ খেলুৱৈ Jhye Richardsonক পাঞ্জাৱে ১৪কোটি টকাত ক্ৰয় কৰিছিল। ২০১৮বৰ্ষত অষ্ট্ৰেলিয়াৰ খেলুৱৈ Steve Smithক ৰাজস্থানে ১২কোটি টকাত ক্ৰয় কৰিছিল। আজি পেট কামিন্সক ক্ৰয় কৰা হায়দৰাবাদে ২০১৮চনত অষ্ট্ৰেলিয়াৰ খেলুৱৈ ডেভিদ ৱাৰ্নাৰক ক্ৰয় কৰিছিল ১২কোটি টকাত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















