ভিডিঅ’ দেখি স্তম্ভিত বিশ্ব! মাটিৰ তলত ইৰাণৰ মিছাইল চিটি
ইৰানে নিজৰ মিছাইল চিটিৰে বিশ্বাবসীক স্তম্ভিত কৰি তুলিছে। মাটিৰ তলত ইৰাণে মজুত কৰি ৰাখিছে বৃহৎ সংখ্যক মিছাইল। সেই মিছাইল চিটিৰ এটা ভি়ডিঅ বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। সেই ভাইেল ভিডিঅৰ পৰাই বিশ্ববাসীয়ে জানিব পাৰিছে ইৰাণৰ মিছাইল ভাণ্ডাৰয
মঙলবাৰে প্ৰকাশ পোৱা এই ভিডিঅ’টোত ইৰাণৰ সশস্ত্ৰ বাহিনীৰ মুখ্য কৰ্মচাৰী জেনেৰেল মহম্মদ বাঘেৰী আৰু ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ মহাকাশ বাহিনীৰ অধিনায়ক আমিৰ আলী হাজিজাদেক মাটিৰ তলত থকা মিছাইল চিটিৰ ভ্ৰমণ কৰা দেখা গৈছে।
ভিডিঅটো চাবলৈ ইয়াত ক্লিক কৰক- https://x.com/BashaReport/status/1904602367338619139
ইৰাণৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা ভিডিঅত দেখা গৈছে যে এই ভূগৰ্ভস্থ গোপন স্থান বিভিন্ন ধৰণৰ বেলিষ্টিক মিছাইলেৰে ভৰি আছে। এই ভিডিঅ’টো চৰকাৰী সংবাদ মাধ্যমে মুকলি কৰি বিপজ্জনক বেকগ্ৰাউণ্ড মিউজিকেৰে এই বাৰ্তা দিয়াৰ প্ৰয়াস কৰা হৈছে যে ইৰাণ যিকোনো আক্ৰমণ সহ্য কৰিবলৈ সক্ষম আৰু তীব্ৰ সঁহাৰি দিবলৈও সক্ষম।
ভাইৰেল হোৱা ৮৫ ছেকেণ্ডৰ ভিডিঅত দেখা মিছাইল সমূহৰ ভিতৰত খাইবাৰ শিকান, কাদেৰ-এইচ, চাজিল, হাজ কাছিম আৰু পেভে লেণ্ড এটেক ক্ৰুজ মিছাইল আদি অন্যতম। এই মিছাইলবোৰেৰেই ইৰাণে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ