অসম লাইভ২৪ঃ প্ৰেমৰ পৰা বিয়া, বিয়াৰ পাছতেই সন্তান নতুবা বিচ্ছেদ, কেতিয়াবা আকৌ পৰকীয়া প্ৰেমৰ কথা এই সকলোবোৰ যিমানেই লুকুৱাবলৈ চেষ্টা নকৰক কিয় ভাইৰেল হৈয়েই। বৰ্তমান নেট দুনীয়াত এই খবৰ ভাইৰেল হ’বলৈনো কেইমিনিট সময়ৰ প্ৰয়োজন? মুহূৰ্ততেই ভাইৰেল হৈ পৰে সকলো খবৰ।
বলীউড অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই এবাৰ এটা সাক্ষাৎকাৰত কৈছিল, এগৰাকী নাৰীয়ে সততে সন্মুখীন হয় কেইটিমান প্ৰশ্নৰ। খুবেই চিনাকী প্ৰশ্ন। চেলিব্ৰিটি হ’লেই এই প্ৰশ্ন আহে তেনে নহয়। সাধাৰণ নাৰী এগৰাকীও প্ৰতিক্ষণে এনে প্ৰশ্নৰ সন্মুখীন হৈয়েই থাকে। এটা নিৰ্দিষ্ট বয়স হোৱাৰ পাছতেই একাংশই যুৱতীক সোধা আৰম্ভ কৰা প্ৰথম প্ৰশ্নটোৱেই হৈছে বিয়া কেতিয়া কৰাবা? বিয়াৰ পাছতেই আকৌ সহজ প্ৰশ্ন এটা হৈছে সন্তানৰ পৰিকল্পনা কেতিয়া? কিন্তু এই দুয়োটা প্ৰশ্নই নাৰী একোগৰাকীৰ একান্ত ব্যক্তিগত। এই বিষয়টোত যিমানেই প্ৰতিবাদ নকৰক কিয় মানুহে এই ব্যক্তিগত কথাবোৰ জানিবই খোজে। যাৰ বাবে চেলিব্ৰিটিসকলৰ এনেধৰণৰ খবৰ প্ৰায়সংখ্যকেই জানিবলৈ আগ্ৰহী হৈ থাকে।
আলিয়া-ৰণবীৰৰ পাছত এইবাৰ পিতৃ-মাতৃ হ’বলৈ আগবাঢ়িছে কেট-বিকি। অৱশ্যে কেট-বিকিয়ে এই কথা বৰ্তমানলৈ ৰাজহুৱা কৰা নাই। এবছৰ পূৰ্বে কেট-বিকিয়ে আৱদ্ধ হৈছিল বিবাহপাশত। শেহতীয়াকৈ নেটদুনীয়াত ভাইৰেল হৈ পৰিছে কেট-বিকি পিতৃ-মাতৃ হোৱাৰ খবৰ। বৰদিনত কেট-বিকিয়ে শ্বেয়াৰ কৰা এখন ফটো ভাইৰেল হৈ পৰা মাত্ৰকেই বহুতেই দাঙি ধৰিছে মন্তব্য। কেটে ফটোখন এনেকৈ তোলাৰ কাৰণ হৈছে কেটে বেবীবাম্প ঢাকিব খুজিছে। সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰা ভিডিঅ’টো দেখা মাত্ৰকেই বহুতেই এতিয়া সামাজিক মাধ্যমত কেটৰ এই বিষয়টোক চৰ্চা কৰা পৰিলক্ষিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ