ভাৰতলৈ আহি ভয়াৱহ নিৰ্যাতনৰ চিকাৰ ২৭ বছৰ বয়সীয়া ইজৰাইলী পৰ্যটক৷ বৃহস্পতিবাৰে নিশা তুংগাভদ্ৰা নদীৰ পাৰত বহি নিশাৰ আকাশৰ দৃশ্য চোৱাত ব্যস্ত থাকোতেই এই ঘটনা৷ অভিযোগ যে সেই সময়তেই ধৰ্ষণ কৰে তিনিগৰাকী যুৱতীক৷ একেলগে হোমষ্টেৰ মালিককো গণধৰ্ষণৰ অভিযোগ উঠিছে৷
জনা গৈছে যে এই নাৰকীয় ঘটনাটো ঘটিছে বাংগালুৰুৰ পৰা ৩৫০ কিঃমিঃ দূৰৈৰ কোপ্পালত৷ এই ঘটনাক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিলেও বৰ্তমানলৈকে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই৷ ঘটনাৰ সূত্ৰপাত বৃহস্পতিবাৰে নিশা ১১.৩০ মিনিটত৷ হোমষ্টেৰ বাহিৰত তুঙ্গভদ্ৰা নদীৰ পাৰত বহি নিশাৰ আকাশৰ তৰা চাই আছিল ইজৰাইলৰ সেই তৰুণীয়ে৷ পৰ্যটন স্থলৰ অপৰূপ সৌন্দৰ্য উপভোহ কৰিবলৈ সেই তৰুণীৰ সৈতে আছিল আমেৰিকাৰ ডেনিয়েল, মহাৰাষ্ট্ৰৰ পঙ্কজ আৰু ওড়িশাৰ বিভাষ নামৰ এক যুৱক৷ হোমষ্টেৰ তৰুণী মালিকনীও তেওঁলোকৰ সৈতেই আছিল৷
আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি সেই দুই দুই মহিলাক টাৰ্গেট কৰাৰ সময়ত লগত থকা পুৰুষ পৰ্যটকৰ সৈতে হতাহতি হয় অভিযুক্তৰ৷ তেওঁলোকক নদীত ঠেলি পেলোৱাৰো অভিযোগ উঠিছে৷ তেওঁলোকৰ মাজত ডেনিয়েল আৰু পঙ্কজ ঝিল কোনোমতে নদীৰ পৰা উঠি আহিবলৈ সক্ষম হয় যদিও বিভাষ উঠি আহিব নোৱাৰিলে৷ অৱশেষত আৰক্ষীয়ে উদ্ধাৰ কৰিছে বিভাষৰ দেহ৷
২৯ বছৰ বয়সীয়া হোমষ্টেৰ মালিকনীৰ অভিযোগ যে চাৰি পৰ্যটকৰ সৈতে তেওঁ তুঙ্গভদ্ৰাৰ পাৰত বহি আছিল৷ হঠাৎ তাতেই বাইকত উঠি তিনি যুৱক উপস্থিত হয়৷ প্ৰথমে কৰোবাত পেট্ৰল পোৱা যাব নেকি বুলি তেওঁলোকক প্ৰশ্ন কৰে৷ পাছত পৰ্যটকৰ পৰাই পেট্ৰল ভৰাবলৈ ১০০ টকা বিচাৰে৷ পৰ্যটকে ধন দিবলৈ অস্বীকাৰ কৰাত আক্ৰমণাত্মক লৈ উঠে তিনি যুৱক৷ প্ৰথমে পুৰুষ পৰ্যটকৰ সৈতে হতাহতি হয়৷ তাৰপাছতেই ইজৰাইলী তৰুণী আৰু হোমষ্টেৰ মালিকনীক গণধৰ্ষণ কৰে বুলি অভিযোগ উঠিছে৷ ঘটনাৰ পাছতেই বাইক লৈ পলায়ণ কৰিছে তিনি অভিযুক্তই৷ ইতিমধ্যেই ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷ ইজৰাইলী তৰুণী আৰু হোমষ্টেৰ মালিকনী এতিয়াও চিকিৎসালয়ত ভৰ্তি হৈ আছে বুলি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় সংবাদমাধ্যমে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ