গাজা বিদ্যালয়ত ইজৰাইলৰ বিমান আক্ৰমণত শিশুসহ ২০ জন লোক নিহত হোৱাৰ লগতে বহু আহত
ইজৰাইলে পুনৰবাৰ গাজাত বিমান আক্ৰমণ সংঘটিত কৰিছে। স্থানীয় চিকিৎসালয়সমূহৰ মতে, মধ্য গাজাৰ এখন বিদ্যালয়ত ইজৰাইলী বিমান আক্ৰমণত শিশুকে ধৰি কমেও ২০ জন লোকৰ মৃত্যু হয় যিখন আশ্ৰয় শিবিৰত পৰিণত হৈছিল, তাতেই আক্ৰমণ কৰিছিল ইজৰাইলে।
দেওবাৰে নিশাৰ আক্ৰমণত নুছৰাত দুগৰাকী মহিলাৰো মৃত্যু হয়। এই বিদ্যালয়খনত গাজাৰ বছৰজোৰা যুদ্ধৰ ফলত স্থানচ্যুত হোৱা বহু পেলেষ্টাইনী লোকৰ বাসস্থান আছিল। মৃতদেহ দুটা নুছাৰাটৰ আল-আউদা হাস্পতাল আৰু ডেইৰ আল-বালাৰ আল-আকছা শ্বহীদ চিকিৎসালয়লৈ লৈ যোৱা হয়।
গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, ইজৰাইলৰ গাজাত বোমা বিস্ফোৰণ আৰু স্থলপথত আক্ৰমণত ৪২ হাজাৰৰো অধিক পেলেষ্টাইনী নিহত হৈছে। ইজৰাইলে আক্ৰমণৰ সময়ত যুঁজাৰু আৰু সাধাৰণ নাগৰিকৰ মাজত পাৰ্থক্য কৰা নাই, যাৰ ফলত অধিক ক্ষতি হৈছে।
উল্লেখ্য যে, ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধখন এতিয়া বহু ফ্ৰণ্টত চলি থকাৰ এবছৰ হ’ল৷ এফালে ইজৰাইলে হামাছৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে, আনহাতে লেবাননত ইৰাণ সমৰ্থিত হিজবুল্লাহৰ বিৰুদ্ধেও ইয়াৰ অভিযান চলি আছে। ইজৰাইলৰ ওপৰতো ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাইছে ইৰাণে।
ইজৰাইলে ১ অক্টোবৰৰ পৰা দক্ষিণ লেবাননত হিজবুল্লাহৰ বিৰুদ্ধে স্থল অভিযান আৰম্ভ কৰিছিল। এই যুদ্ধৰ সময়ত দুয়োপক্ষই ইজনে সিজনৰ ওপৰত বিমান আৰু ৰকেট আক্ৰমণো চলাই আছিল। ইজৰাইলৰ বিমান আক্ৰমণত লেবাননত মৃত্যু হোৱা লোকৰ সংখ্যা ২০০০ অতিক্ৰম কৰিছে যদিও ইয়াৰ পিছতো লেবাননত ইজৰাইলৰ সৈন্যৰ সৈতে হিজবুল্লাহ যোদ্ধাসকলৰ সংঘৰ্ষত লিপ্ত হৈছে।
শনিবাৰে নিজেই লেবাননৰ উগ্ৰপন্থী সংগঠন হিজবুল্লাই ইজৰাইলৰ ওপৰত ব্যাপক আক্ৰমণ চলায়। ইৰাণ সমৰ্থিত হিজবুল্লাই ইজৰাইলৰ ওপৰত আত্মঘাতী ড্ৰোন আৰু মিছাইল আক্ৰমণ চলাইছে, য’ত ইজৰাইলৰ সেনাৰ আইডিএফৰ চাৰিজন জোৱান নিহত হোৱাৰ লগতে বহু গুৰুতৰভাৱে আহত হৈছে।
বিন্যামিনাৰ সামৰিক ঘাটিক লক্ষ্য কৰি হিজবুল্লাই আক্ৰমণ কৰে। ইজৰাইলৰ ওপৰত হিজবুল্লাহৰ এই আক্ৰমণক এতিয়ালৈকে হোৱা আটাইতকৈ মাৰাত্মক আক্ৰমণ বুলি বিবেচিত হৈছে। এই আক্ৰমণত এতিয়ালৈকে ইজৰাইলত ৬৭ জন লোক আহত হৈছে, ইয়াৰে বহুতৰে অৱস্থা অতি গুৰুতৰ বুলি সদৰি হৈছে। হিজবুল্লাই ইজৰাইলৰ হাইফা চহৰক লক্ষ্য কৰি প্ৰায় ২৫ ৰকেট আৰু মিছাইল নিক্ষেপ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















