ইছৰো আৰু নাছাৰ যৌথ ঐতিহাসিক ক্ষণ, পৃথিৱীৰ প্ৰতিটো কোনৰ তথ্য সংগ্ৰহ কৰিব NISAR-এ
আজি ৩০ জুলাই তাৰিখ বুধবাৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বাবে এক ঐতিহাসিক ক্ষণ। কাৰণ আজিৰ দিনটোতে ইছৰো আৰু নাছাৰ যৌথপ্ৰচেষ্টাত প্ৰস্তুত কৰা পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ NISAR (নিছাৰ) উৎক্ষেপণ কৰা হয়। ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৫:৪০ বজাত এই নিছাৰ উপগ্ৰহৰ প্ৰক্ষেপন হয়।
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো) আৰু আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ যৌথ প্ৰচেষ্টাত নিৰ্মিত নিছাৰ (NISAR- NASA-ISRO Synthetic Aperture Radar) উপগ্ৰহটো জি এছ এল ভি এম কে-II ৰকেটৰ জৰিয়তে ৭৪৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ সূৰ্য্য সমন্বয় কক্ষপথত স্থাপন কৰা হয়।
পাছে এই নিছাৰ কি, আৰু ইয়াৰ কাম কি! নিছাৰ হৈছে ২,৩৯২ কিলোগ্ৰাম ওজনৰ পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ। নাছাৰ এল-বেণ্ড আৰু ইছৰোৰ এছ-বেণ্ড নামৰ দুটা ভিন্ন ফ্ৰিকুৱেঞ্চী ব্যৱহাৰ কৰা ই প্ৰথমটো উপগ্ৰহ । এই দ্বৈত ৰাডাৰ ব্যৱস্থাই ইয়াক পূৰ্বতকৈ অধিক শুদ্ধতাৰে পৃথিৱীৰ পৃষ্ঠত হোৱা পৰিৱৰ্তন পৰ্যবেক্ষণ কৰাত সহায় কৰিব।
সহজ অৰ্থক কবলৈ গ’লে এই উপগ্ৰহই পৃথিৱীৰ প্ৰতিটো কোনৰ তথ্য নিখুতভাৱে সংগ্ৰহ কৰিব। নাছাৰ মতে এই নিছাৰে পৃথিৱীৰ পৃষ্ঠৰ বিভিন্ন বৈশিষ্ট্য যেনে আৰ্দ্ৰতা, পৃষ্ঠৰ গতিবিধি, ভূমিকম্প, প্ৰাকৃতিক সমস্যা আদি নিৰিক্ষণ কৰিব পাৰিব।
উল্লেখ্য যে, এই নিছাৰ উপগ্ৰহ নিৰ্মাণ কৰিবলৈ ১০ বছৰ সময় প্ৰয়োজন হৈছিল। ইয়াত এক ধৰণৰ বিশেষ ১২ মিটাৰ দৈৰ্ঘৰ সোণৰ এন্টেনা আছে, যি পৃথিৱীৰ নিম্ন কক্ষপথত (Low Earth Orbit) আটাইতকৈ ডাঙৰ। ইয়াক ইছৰোৰ আই-৩কে চেটেলাইট বাছৰ সৈতে সংযুক্ত কৰা হৈছে, য’ত কমাণ্ড, ডাটা, আৰু দিশ নিয়ন্ত্ৰণৰ ব্যৱস্থা আৰু ৪ কিলোৱাট সৌৰশক্তিৰ ব্যৱস্থা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















