মহাকাশত ইছৰোৰ অলৌকিকতা, বিশ্বৰ চতুৰ্থ মহাশক্তি হিচাপে পৰিগণিত ভাৰত
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই বৃহস্পতিবাৰে ‘স্পেচ ডকিং এক্সপেৰিমেণ্ট’ (SpadeX)ৰ অধীনত উপগ্ৰহসমূহ সফলতাৰে ‘ডক’ কৰে। ইছৰোৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এটা পোষ্টত কয় যে, “ভাৰতে মহাকাশ ইতিহাসত নিজৰ নাম পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে।”
https://x.com/ISROSight/status/1879740363109487091
এই কৃতিত্বৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়েও ইছৰোক অভিনন্দন জনাইছে।
ইছৰোৰ মতে, স্পেচএক্স অভিযানটো হৈছে পিএছএলভি ব্যৱহাৰ কৰি উৎক্ষেপণ কৰা দুখন সৰু মহাকাশযান ব্যৱহাৰ কৰি মহাকাশত ‘ডকিং’ কৰাৰ বাবে ব্যয়বহুল প্ৰযুক্তি অভিযান।
মহাকাশত ‘ডকিং’ প্ৰযুক্তিৰ প্ৰয়োজন তেতিয়া হয় যেতিয়া সাধাৰণ অভিযানৰ লক্ষ্যত উপনীত হ’বলৈ একাধিক ৰকেট উৎক্ষেপণৰ প্ৰয়োজন হয়।
https://x.com/isro/status/1879749119759311078
ভাৰতৰ মহাকাশ উচ্চাকাংক্ষা যেনে চন্দ্ৰলৈ ভাৰতীয় অভিযান, চন্দ্ৰৰ পৰা নমুনা ঘূৰাই অনা, ভাৰতীয় মহাকাশ কেন্দ্ৰ (BAS) নিৰ্মাণ আৰু পৰিচালনা ইত্যাদিৰ বাবে এই প্ৰযুক্তি অতি প্ৰয়োজনীয়।
এতিয়া এই সফল অভিযানৰ জৰিয়তে ভাৰতে মহাকাশ ডকিং প্ৰযুক্তি থকা বিশ্বৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে আমেৰিকা, ৰাছিয়া আৰু চীনে এই সফলতা লাভ কৰিছে। ভাৰতৰ মহাকাশ প্ৰযুক্তি এতিয়া এই তালিকাৰ চতুৰ্থত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ