অসম লাইভ২৪ঃ পৃথিৱীৰ কক্ষপথ পাৰ হৈ চন্দ্ৰৰ কক্ষপথত ভৰি দিলে চন্দ্ৰযান-৩। ইমানদিনে পৃথিৱীৰ কক্ষপথত আছিল চন্দ্ৰযান-৩। অপেক্ষা এতিয়া মাত্ৰ কেইটামান দিন। চন্দ্ৰপৃষ্ঠত ভৰি দিব চন্দ্ৰযান-৩য়ে। পূৰ্বৰ ভুল আকৌ যাতে নহয় তাৰবাবে দিন-ৰাতি একাকাৰ কৰি পৰিশ্ৰম কৰিছে বিজ্ঞানীৰ দলে। চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩য়ে ভৰি দিয়াটো ডাঙৰ এটা প্ৰত্যাহ্বানো বিজ্ঞানীসকলৰ বাবে।
১৪ জুলাইত শ্ৰী হৰিকোটাৰ পৰা উৎক্ষেপন কৰা হৈছে চন্দ্ৰযান-৩। এই সন্দৰ্ভত ইছৰোৰ এজন বিজ্ঞানীয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত কয়, ‘১৪ জুলাইত আমাৰ সন্তানটোৱে যাত্ৰা কৰিছে। তেতিয়াৰে পৰাই আমাৰ মন উগুল-থুগুল। আমাৰ মূল কামেই হৈছে চন্দ্ৰযানখনক পথ দেখুৱাই সুকলমে গন্তব্যস্থানলৈ লৈ যোৱা। সোমবাৰে গভীৰ নিশা পৃথিৱীৰ মায়া এৰি আমাৰ সন্তানে চন্দ্ৰৰ কক্ষপথত ভৰি দিলে। এতিয়াহে আমাৰ প্ৰকৃত পৰীক্ষা আৰম্ভ হৈছে। যানখনক নিৰাপদে চন্দ্ৰপৃষ্ঠত নমাব লাগিব। চন্দ্ৰৰ কক্ষপথৰ পৰা ঢাপে ঢাপে চন্দ্ৰযানখন নমাই অনাই প্ৰাথমিক কাম এতিয়া। আমাৰ পৰিভাষাত ইয়াক কোৱা হয়, এলবিএন( লুনাৰ বাউণ্ড মেনুভাৰ নাম্বাৰ)। এল বিএনৰ বিভিন্ন ঢাপত চন্দ্ৰযানৰ গতি কমাই অনা হ’ব। চন্দ্ৰৰ পৰা ১০০ কিঃমিঃ দূৰত্বত থকা অৱস্থাতেই প্ৰপালছন মডিউলৰ কাম শেষ হ’ব।
ইয়াৰ পাছতেই আৰম্ভ হ’ব লেণ্ডাৰ মডিউলৰ কাম। এই মডিউলেই ঠিক কৰিব কেনেকৈ চন্দ্ৰৰ বুকুত বিক্ৰমৰ মাধ্যমেৰে নামিব প্ৰজ্ঞান। চন্দ্ৰৰ মাটিত ৩০ কিঃমিঃ দূৰত্ব ২০ মিনিটত নামিব যানখনে। যানখনৰ গতি নিয়ন্ত্ৰণ কৰা হ’ব ৰাফ ব্ৰেকিঙেৰে। কেতিয়াবা কণ্ট্ৰোলড ব্ৰেকিং পদ্ধতিও ব্যৱহাৰ হ’ব। চন্দ্ৰৰ মাটিত নমাৰ পূৰ্বেই খোল খাব দুৱাৰ। সেই দুৱাৰেৰেই প্ৰজ্ঞান নামিব চন্দ্ৰপৃষ্ঠত। চন্দ্ৰযান-২ চন্দ্ৰপৃষ্ঠত নমাৰ সময়তেই সমস্যাৰ সৃষ্টি হৈছিল। এই দিনটো আছিল ৬ ছেপ্টেম্বৰ ২০১৯। সমগ্ৰ দেশে সেইদিনা অপেক্ষা কৰিছিল ভাল খবৰটোৰ বাবে। নমাৰ মুহূৰ্তত যোগাযোগ বিচ্ছিন্ন হৈ যায় চন্দ্ৰযান-২ৰ। চন্দ্ৰৰ মাটিতেই ধ্বংস হৈ যায় যানখন।
কিন্তু এইবাৰ আমি সতৰ্ক হৈছো। আগন্তুক ২৩ বা ২৪ আগষ্টত চন্দ্ৰৰ বুকুত নামি পৰিব চন্দ্ৰযান-৩। নামিয়েই চন্দ্ৰৰ মাটিৰ চৰিত্ৰ, বিভিন্ন খনিজৰ উপস্থিতি সংক্ৰান্তিয় তথ্য সংগ্ৰহ কৰিব যানখনে। ইয়াৰোপৰি যি অঞ্চলত প্ৰজ্ঞানে চলাচল কৰিব সেই স্থানত অশোকস্তম্ভ বা ইছৰোৰ প্ৰতীক অংকন কৰা হ’ব। প্ৰজ্ঞান চন্দ্ৰৰ বুকুত জীৱন্ত হৈ থাকিব মাত্ৰ ১৪ দিন। এই ১৪ দিন পৃথিৱীৰ হিচাপতহে থাকিব। চন্দ্ৰৰ হিচাপত সেয়া মাত্ৰ এদিন। ইয়াৰপাছতেই মৃত্যু হ’ব প্ৰজ্ঞানৰ। সপোন সঁচা হ’বলৈ আৰু মাত্ৰ কেইটামান দিন। এই প্ৰজ্ঞান আমাৰ সন্তানেই। কাৰণ আমি বহু পৰিশ্ৰম কৰিছো। সেয়ে তাৰ সফলতা আমি মনেপ্ৰাণে কামনা কৰিছো।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ