অসম লাইভ২৪ঃ বিলাহীৰ পৰা আৰম্ভ কৰি কেইবাবিধো পাচলিৰ দাম ঊৰ্দ্ধমুখী হৈছে। এই পৰিস্থিতিৰ বুজ ল’বলৈ বজাৰত উপস্থিত হৈছে বিৰোধী নেতা ৰাহুল গান্ধী। মঙলবাৰে দিল্লীৰ আজাদপুৰ মাণ্ডিত উপস্থিত হৈছে ৰাহুল গান্ধী। তাতেই তেওঁ ক্ৰেতা আৰু ব্যৱয়ায়ীসকলৰ সৈতে বাৰ্তালাপতো মিলিত হৈছে। মূলত পাচলিৰ অস্বাভাৱিক দাম বৃদ্ধিক লৈয়েই বাৰ্তালাপ কৰিছে ৰাহুলে। হঠাৎ ৰাহুল গান্ধীয়ে এনেদৰে বজাৰত প্ৰৱেশ কৰাক লৈ আচৰিত হৈ পৰিছে বহুজন। তেওঁ পাচলিৰ কিমান দাম কেনেকৈ বৃদ্ধি পালে, সেই বিষয়েও সোধপোছ কৰিছে ৰাহুলে।
২০২৪ চনত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। বিৰোধী জোঁট ইণ্ডিয়াই এতিয়া দেশত আওঁপকীয়াকৈ প্ৰচাৰো আৰম্ভ কৰিছে। এফালে মোদী পদবীক লৈ ৰাহুল গান্ধীৰ সাংসদ পদ কাঢ়িও লোৱা হৈছে। সাংসদ পদ নাথাকিলেও ৰাহুল কিন্তু ৰাজনীতিত বেছ সক্ৰিয় হৈ আছে। পূৰ্বতকৈ অধিক সক্ৰিয়হে হৈছে ৰাহুল। কেইদিনমান পূৰ্বে দিল্লীৰ কৰণবাগত এক মটৰবাইক ৱাৰ্কচপলৈ গৈছিল ৰাহুল গান্ধী। সেই ৱাৰ্কচপত যোৱাই নহয় কংগ্ৰেছ নেতা ৰাহুলে সেই কৰ্মীসকলৰ লগত কাম কৰাতো ব্যক্ত হৈ পৰিছিল।
বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত দক্ষিণৰ পৰা উত্তৰ ভাৰতলৈ ‘ভাৰত জোড়ো’ যাত্ৰা কৰিছিল ৰাহুলে। সেই যাত্ৰাপথত সমাজৰ সৰ্বস্তৰৰ অগণিত মানুহৰ সৈতেও মিলামিছা কৰিছে ৰাহুলে। এইসকল লোকৰ সমস্যাৰো বুজ লৈছে ৰাহুলে। এই সময়ত সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ ওচৰত ৰাহুল গান্ধীৰ জনপ্ৰিয়তা দুগুণে বৃদ্ধি পাইছে। গান্ধী পৰিয়ালৰ সন্তান হৈয়ো তেঁও মাটিৰ মানুহ সেই কথাকেই যেন বাৰে বাৰে প্ৰমাণিত কৰিছে ৰাহুল গান্ধীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ