• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চন্দ্ৰযান-৩ ৰ সফলতাৰ পাছত সূৰ্যৰ বুকুত অভিযান চলাবলৈ সাজু ইছৰো, ইছৰোই চলাব লগীয়া আদিত্য এল-১ মিছন প্ৰকৃততে কি?

চন্দ্ৰযান-৩ ৰ সফলতাৰ পাছত সূৰ্যৰ বুকুত অভিযান চলাবলৈ সাজু ইছৰো, ইছৰোই চলাব লগীয়া আদিত্য এল-১ মিছন প্ৰকৃততে কি?

3 years ago
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

51 minutes ago
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

1 hour ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

2 hours ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

2 hours ago
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

2 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

3 hours ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

4 hours ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

6 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

7 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

7 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

8 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

চন্দ্ৰযান-৩ ৰ সফলতাৰ পাছত সূৰ্যৰ বুকুত অভিযান চলাবলৈ সাজু ইছৰো, ইছৰোই চলাব লগীয়া আদিত্য এল-১ মিছন প্ৰকৃততে কি?

editor by editor
August 27, 2023
in প্ৰযুক্তি, ভাৰত, লেখা
0
চন্দ্ৰযান-৩ ৰ সফলতাৰ পাছত সূৰ্যৰ বুকুত অভিযান চলাবলৈ সাজু ইছৰো, ইছৰোই চলাব লগীয়া আদিত্য এল-১ মিছন প্ৰকৃততে কি?
0
SHARES
317
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২৩ আগষ্টৰ সন্ধিয়া চন্দ্ৰ পৃষ্ঠৰ কুমেৰুত ভাৰতে উৰুৱালে বিজয় ধ্বজ্জা৷ এই চন্দ্ৰ মিছন সফল হোৱাৰ পাছতেই ইছৰোই ঘোষণা কৰিছে সূৰ্য অভিযানৰ কথা৷ সূৰ্যত চলাব লগা মিছনৰ নাম দিছে আদিত্য এল-১৷ ইতিমধ্যে ১৪ আগষ্টত ইছৰোৰ এক্স হেণ্ডেলত ইয়াৰ ছবিও প্ৰকাশ কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই৷

আদিত্য এল সতীশ ধাৱান স্পেছ চেণ্টাৰলৈ অনা হৈছে
ইছৰোৰ দলে ২৬ আগষ্ট বা ছেপ্টেম্বৰতেই উৎক্ষেপণ কৰিব পাৰে আদিত্য এল-১৷ কৃত্ৰিম উপগ্ৰহটো ইতিমধ্যে অন্ধ্ৰপ্ৰদেশৰ শ্ৰী হৰিকোটাৰ সতীশ ধাৱান স্পেছ চেণ্টাৰলৈ আনিছে বিজ্ঞানীৰ দলে৷ আদিত্য এল-১ ক পিএছএল ভি ৰকেটৰ সৈতে সংযুক্ত কৰা হ’ব৷ সূৰ্যৰ ওপৰত গৱেষণাৰ বাবে ভাৰতেই প্ৰথম মহাকাশযান প্ৰেৰণৰ চিন্তা চৰ্চা কৰিছে৷ আদিত্য এল-১ য়ে ১৫ লাখ কিঃমিঃ অতিক্ৰমি সূৰ্যৰ ওপৰত গৱেষণা চলাবলৈ ৰাওনা হ’ব৷

আদিত্য এল-১ য়ে কি কাম কৰিব?
মহাকাশ যানখনৰ হিন্দুৰ দেৱতা সূৰ্যৰ নামেৰেই নামকৰণ কৰিছে বিজ্ঞানীয়ে৷ সূৰ্যৰ আন এক নাম আদিত্য৷ ইন্ধনসহ এই কৃত্ৰিম উপগ্ৰহটোৰ ওজন প্ৰায় ১৫০০ কিঃগ্ৰাঃ৷ ইয়াত ৭টাকৈ পেলোড আছে বুলি জনাইছে ইছৰোৰ দলে৷ আদিত্য এল-১ ক সূৰ্য-পৃথিৱীৰ চাৰিওফালে এটা হেলো কক্ষপথত ৰখা হ’ব৷ হেলো কক্ষপথ হৈছে সূৰ্য-পৃথিৱীৰ প্ৰথম লেগ্ৰেঞ্জ বিন্দু। এই বিন্দুটোৰ বিশেষত্ব আছে। কোনো গ্ৰহণ অবিহনেই সূৰ্যক পোনকৈ চাই থাকিব পাৰি এই স্থানৰ পৰা৷ পৃথিৱীৰ পৰা এই হেলো পইণ্টৰ দূৰত্ব প্ৰায় ১৫ লাখ কিঃমিঃ৷ এই কক্ষপথৰ পৰাই আদিত্য এল-১ য়ে সূৰ্যৰ ওপৰত গৱেষণাৰ কাম আৰম্ভ কৰিব৷

আদিত্য এল-১ এটা কৰোনাগ্ৰাফী ছেটেলাইট বা উপগ্ৰহ৷ সূৰ্যক পৰ্যবেক্ষণ কৰাই এই মিছনৰ প্ৰধান উদ্দেশ্য৷ সূৰ্যৰ বায়ুমণ্ডল আৰু চৌম্বক ক্ষেত্ৰ সম্পৰ্কে তথ্য অম্বেষণ কৰা৷ সূৰ্যৰ কেন্দ্ৰস্থল, সৌৰ নিৰ্গমন, শিখা ইত্যাদিৰ ওপৰত গৱেষণা কৰা৷ ২৪ ঘণ্টাই সূৰ্যক পৰ্যবেক্ষণ কৰিব এই উপগ্ৰহটোৱে৷ সৌৰ জাগতিক সমূহ পৰিঘটনাৰ ওপৰত নজৰ দিব এই উপগ্ৰহই৷ ইয়াৰোপৰি সৌৰ ধুমুহা সম্পৰ্কীয় বিষয়ৰ ওপৰতো অধ্যয়ন কৰিব আদিত্য এল-১য়ে৷ বিজ্ঞানীয়ে মহাকাশত প্ৰয়োজনীয় ইন্ধনৰ খৰচ কমোৱাৰ উপায়ো বিচাৰিব এই অভিযানত৷

এই অভিযান সফল হ’লে সৌৰমণ্ডল আৰু পৃথিৱীৰ পৰিবেশৰ ওপৰত সূৰ্যৰ প্ৰভাৱ সম্পৰ্কীয় বহু তথ্য লাভ কৰিব ইছৰোৰ দলে৷ আদিত্য এল-১য়ে সূৰ্যৰ স্তৰ, ‘চ’লাৰ কৰোনা’ক লৈয়েই গৱেষণা কৰিব৷ সূৰ্যৰ বাহিৰৰ দিশত তাপমাত্ৰা প্ৰায় ১ কোটি কেলভিন৷ নিম্নস্তৰৰ তাপমাত্ৰা সেই তুলনাত কম৷ অৰ্থাৎ নিম্নস্তৰৰ তাপমাত্ৰা প্ৰায় ৬০০০ কেলভিন৷ সূৰ্যৰ পৃষ্ঠদেশ, কৰোনাৰ তাপমাত্ৰাৰ পাৰ্থক্য, সূৰ্যৰ পৰা ছিটিকি অহা শিখাই পৃথিৱীৰ বায়ুমণ্ডলত কি কি প্ৰভাৱ পেলাই সেই বিষয়েও গৱেষণা কৰিব আদিত্য এল-১য়ে৷ সূৰ্যৰ কেন্দ্ৰস্থলৰ তাপমাত্ৰা গড়ে ১০ লাখ বা তাতকৈয়ো বেছি ডিগ্ৰী ছেলচিয়াছ৷ সকলো সময়তে কিন্তু এই তাপমাত্ৰা একেই নাথাকে৷ কেতিয়াবা এই তাপমাত্ৰা কমে কেতিয়াবা বাঢ়ে৷ এই কমা বঢ়াৰ কাৰণ কি সেই সম্পৰ্কেও গৱেষণা চলাব এই উপগ্ৰহই৷ সূৰ্যৰ কাষলৈ ছেটেলাইট পঠিওৱা বিষয়টোক লৈ বিগত কেইবাবছৰ ধৰি চিন্তা চৰ্চা কৰি আছে বিজ্ঞানীৰ দলে৷ ২০২০ চনতেই এই মিছন আৰম্ভ কৰাৰ কথা ভাৱিছিল ভাৰতীয় বিজ্ঞানীয়ে৷ কিন্তু কৰ’নাৰ বাবে সেই পৰিকল্পনা পিছুৱাই দিয়ে বিজ্ঞানীৰ দলে৷

পৃথিৱীৰ কাষত থকা নক্ষত্ৰ সূৰ্য
ইছৰোৰ দলে অনুমান কৰামতে সূৰ্যৰ বয়স মোটামুটি ৪৫৭ কোটি বছৰ৷ বৰ্তমান সূৰ্যই নিজা কেন্দ্ৰৰ হাইড্ৰজেন বলয়ত হিলিয়ামৰ মিশ্ৰণ কৰিছে৷ এয়া একা স্থিতিশীল প্ৰক্ৰিয়া৷ যাক পাৰমাণৱিক ফিউজন বুলি জনা যায়৷ সূৰ্যৰ আয়তন পৃথিৱীৰ তুলনাত প্ৰায় ১৩ লাখ গুণ ডাঙৰ৷ সূৰ্যৰ ভৰ পৃথিৱীৰ তুলনাত ৩৩,০০০০ গুণ বেছি৷ সূৰ্যই আমাৰ সৌৰজগতৰ শক্তিৰ উৎস৷ সূৰ্য অবিহনে পৃথিৱীত প্ৰাণী বাচি থকা সম্ভৱ নহয়৷ সূৰ্যৰ মধ্যাকৰ্ষণে সৌৰজগতৰ সকলো সামগ্ৰীক নিয়াৰীকৈ ধৰি ৰাখে৷ সূৰ্যৰ কেন্দ্ৰী. অঞ্চলসমূহৰ তাপমাত্ৰা ১৫ মিলিয়ন ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বাঢ়ি যায়৷ এই তাপমাত্ৰাত নিউক্লিয়াৰ ফিউজন নামৰ এটা প্ৰক্ৰিয়া সংঘটিত হয়৷ এই ফিউজনত সূৰ্যৰ শক্তি আৰু বৃদ্ধি হয়৷ ফটোস্ফিয়াৰ নামেৰে পৰিচিত সূৰ্যৰ দৃশ্যমান পৃষ্ঠটো তুলনামূলকভাৱে শীতল৷ এই স্থানৰ তাপমাত্ৰা প্ৰায় ৫৫০০ ডিগ্ৰী ছেলচিয়াছ৷ সূৰ্য পৃথিৱীৰ আটাইতকৈ কাষতে থকা নক্ষত্ৰ যদিও পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব প্ৰায় ১৪ কোটি ৮৮ লাখ কিঃমিঃ৷ সেয়ে সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহি পৰিবলৈ ৮ মিনিট সময়ৰ প্ৰয়োজন হয়৷

সূৰ্য অভিযানত ইছৰোক সহায় কৰিব কেইবাখনো দেশে

ইউৰোপীয়ান মহাকাশ সংস্থাই জনোৱা অনুসৰি আদিত্য এল-১ মিছনৰ সময়ত ট্ৰেকিং আৰু লোকেছন ডিটেক্টৰ কামত তেওঁলোকে সহায় কৰিব৷ কিন্তু এই সম্পৰ্কে এতিয়ালৈকে ইছৰোই কোনো তথ্য প্ৰকাশ কৰা নাই৷ ইউৰোপীয় মহাকাশ সংস্থাৰ (ইএছএ) মতে, ‘আদিত্য এল-১ ক ইএছএয়ে ৩৫ মিটাৰ গভীৰ মহাকাশ এণ্টেনাৰ পৰা বিশেষ সহায় আগবঢ়োৱা হ’ব৷ ইয়াৰোপৰি কক্ষপথ নিৰ্ধাৰণতো সহায় কৰিব এই সংস্থাই৷ ইউৰোপীয় মহাকাশ সংস্থা সন্দৰ্ভত বিজ্ঞানী ড০ যোগেশ্বৰ নাথ মিশ্ৰই কয়, ‘এয়া বিদেশী সংস্থাৰ সহায় বুলি ক’ব নোৱাৰি। এয়া হৈছে পাৰস্পৰিক সমৰ্থন। মহাকাশ নেটৱৰ্কৰ বিষয়ে দেশবোৰৰ মাজত কিছুমান চুক্তি আছে৷ যেনেদৰে দেশবোৰৰ মাজত সীমা সম্পৰ্কীয় চুক্তি আছে, একেদৰেই ইয়াতো তেনে কিছুমান চুক্তি থাকে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!
জীৱনশৈলী

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

October 8, 2026
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা
অসম

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

October 8, 2026
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?
বাণিজ্য

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

October 8, 2026
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ
অসম

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

October 8, 2026
Next Post
তোমাৰ বাবেই নিদ্ৰাহীনতাৰ নিশাবোৰ প্ৰিয় হৈ পৰিছে! ১৭ মাহৰ ভিতৰতেই ২ টাকৈ সন্তানৰ পিতৃ হ’ল ক্ৰিকেটাৰ যুৱৰাজ সিং

তোমাৰ বাবেই নিদ্ৰাহীনতাৰ নিশাবোৰ প্ৰিয় হৈ পৰিছে! ১৭ মাহৰ ভিতৰতেই ২ টাকৈ সন্তানৰ পিতৃ হ’ল ক্ৰিকেটাৰ যুৱৰাজ সিং

KGF-2ৰ ৰেকৰ্ড ভাঙিলে গদৰ-২য়ে, বক্স অফিচত সৰ্বাধিক উপাৰ্জন কৰা চিনেমাৰ তালিকাত তৃতীয় স্থানত গদৰ-২

KGF-2ৰ ৰেকৰ্ড ভাঙিলে গদৰ-২য়ে, বক্স অফিচত সৰ্বাধিক উপাৰ্জন কৰা চিনেমাৰ তালিকাত তৃতীয় স্থানত গদৰ-২

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.