অসম লাইভ২৪ঃ ছেমিফাইনেলত ভাৰতৰ ইনিংছ শেষ হোৱাৰ পাছতেই টেলিভিছনৰ কেমেৰাত বন্দী হৈছে বিৰাট কোহলি। শচীন তেণ্ডুলকাৰৰ সন্মুখতেই বিশ্বৰেকৰ্ড ভঙাৰ অনুভূতি প্ৰকাশ কৰিলে বিৰাট কোহলীয়ে। কোহলীৰ ক্ৰিকেট কেৰিয়াৰত এই দিনটো বিশেষ হৈ থাকিল। এই বিশেষ দিনটোত কোহলীৰ খেল চাবলৈ গেলাৰীত বহি আছিল তেওঁৰ পত্নী তথা প্ৰেয়সী অনুষ্কা শৰ্মাও।
কিছু ক্ষণ পূৰ্বে ৫০তম শতৰান কৰি শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড ভাঙিছে বিৰাটে। সেই সময়ত কোহলী উচ্ছাহৰ বহিপ্ৰকাশ ঘটাবলৈ সুযোগ লাভ কৰা নাছিল যদিও পাছত এই অনুভৱ ব্যক্ত কৰিছে কিং কোহলীয়ে। কিং কোহলীয়ে কয়, ‘ভাল কামেই কৰিছো হয়তো। গেলাৰীত শচীন পাজীও আছিল। সেই মুহূৰ্তত মোৰ কেনেকুৱা লাগিছিল মই বুজাব নোৱাৰো। গেলাৰীত মোৰ জীৱনসংগীও বহি আছিল। তাইলৈ চাইছিলো। সকলোৱে মোক হিৰো বুলি কৈছে, ৱানখেড়েত মোৰ ইমান অনুৰাগী আছে বুলি মই ভৱাই নাছিলো। এই অনুভৱ মই কেনেকৈ বুজাই দিও!’
কোহলীয়ে সলসলীয়াকৈ সকলো কথা কয় যদিও আজি কোহলীয়ে মনৰ কথা প্ৰকাশ কৰিবলৈ গৈ বাৰে বাৰে ৰৈ গৈছে। ভাৰতীয় দলৰ আৰু নিজৰ ইনিংছক লৈ কোহলিয়ে লগতে কয়, ‘মোক ক্ৰিকেটৰ ঈশ্বৰে অভিনন্দন জনাইছে। এয়াই মোৰ বাবে সপোনৰ দৰে। সঁচায়ে কৈছো মোৰ আজি ভীষণ ভাল লাগিছে। এই মেচ মোৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আছিল। মই মোৰ ভূমিকাহে গ্ৰহণ কৰিছো। আমাৰ বাবে ইনিংছ জিকাটোৱেই প্ৰধান লক্ষ্য। অন্যান্য কথাবোৰ আমাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ নহয়। এই প্ৰতিযোগিতাত মোক যি দায়িত্ব দিয়া হৈছে সেয়া ভালধৰণে কৰাৰহে চেষ্টা কৰিছো। মেচৰ পৰিস্থিতি আৰু দলৰ প্ৰয়োজন মতেই খেলিছো। দলৰ প্ৰতি কোনোজন খেলুৱৈৰেই কৃতিত্ব কম নহয়। শ্ৰেয়ছ আয়াৰেও খুব ভালকৈ খেলিছে। দ্ৰুত ৰান লৈছে। লোকেশ ৰাহুলেও দুৰ্দান্তভাৱে খেলি খেল শেষ কৰিছে।’ নিজৰ কৃতিত্বৰ দিনাও সতীৰ্থক প্ৰাপ্য কৃতিত্ব দি সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে কিং কোহলীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ