অসম লাইভ২৪ঃ বৈদিক জ্যোতিষত ৰাহু আৰু কেতুক মায়াবী গ্ৰহ বুলি কোৱা হয়। নৱগ্ৰহৰ মাজত এই দুই গ্ৰহই বক্ৰী গতিত বিচৰণ কৰে আৰু ১৮ মাহৰ মূৰত ৰাশি সলনি কৰে। বিগত মাহতেই মীন ৰাশিত প্ৰৱেশ কৰিব এই গ্ৰহই। ২০২৫ চন পৰ্যন্ত এই ৰাশিতেই থাকিব ৰাহু। ৰাহুৰ এই ৰাশি পৰিবৰ্তনে কিছু ৰাশিৰ জাতকৰ ভাগ্য উজ্বলাই তুলিব। কোন কোন ৰাশিৰ জীৱনত উন্নতি হ’ব? কোন কোন ৰাশিৰ জাতকৰ ধনবৃদ্ধিৰ যোগ আছে?
মেষ ৰাশি
মেষ ৰাশিৰ পৰা বাহিৰ হৈ মীন ৰাশিত প্ৰৱেশ কৰিব ৰাহুৱে। যাৰ ফলত এই ৰাশিৰ পৰা গুৰু চণ্ডাল যোগৰ প্ৰভাৱ শেষ হ’ব। তাৰপিছতেই মেষ ৰাশিৰ জাতকৰ ভাগ্যোন্নতি আৰম্ভ হ’ব। মানসিক স্বাস্তি পাব এই ৰাশিৰ জাতকে। কাম আৰু ব্যৱসায়ত উন্নতিৰ প্ৰৱল সম্ভাৱনা আছে। দাম্পত্য জীৱনতো এই শুভ প্ৰভাৱ পৰিব। একাধিক উৎসৰ পৰা ধন লাভ কৰিব পাৰিব। ইয়াৰোপৰি আপোনাৰ সকলো পৰিকল্পনাই সফল হ’ব। চাকৰীয়ালসকলে কৰ্মক্ষেত্ৰত জুনিয়ৰ আৰু ছিনিয়ৰসকলৰ সহযোগিতা লাভ কৰিব। অংশীদাৰিত্বৰ কামত বুজন পৰিমানে ধন আহিব হাতলৈ। ৰৈ থকা প্ৰকল্পৰ কাম পুনৰাই আৰম্ভ কৰিব। অৰ্থ সঞ্চয়ত আপুনি সফল হ’ব।
কন্যা ৰাশি
ৰাহুৰ ৰাশি পৰিবৰ্তন কন্যা ৰাশিৰ জাতকৰ বাবে লাভপ্ৰদ প্ৰমাণিত হ’ব। ৰাহুৱে আপোনাৰ ৰাশিৰ সপ্তম স্থান ভ্ৰমণ কৰিব। এই সময়ত কেৰিয়াৰলৈ সুবৰ্ণ সুযোগ আহিব। আপুনি জীৱনসংগীৰ পূৰ্ণ সহযোগিতা লাভ কৰিব। এই সময়ত আপোনাৰ সকলো ইচ্ছাই পূৰণ হ’ব। প্ৰতিযোগীতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকাসকলৰ বাবেও এই সময় শুভ। অংশীদাৰিত্বৰ কামত সফলতা লাভ কৰিব।
মকৰ ৰাশি
ৰাহুৰ মীন ৰাশিত প্ৰৱেশ মকৰ ৰাশিৰ জাতকৰ বাবে শুভ প্ৰমাণিত হ’ব। এই ৰাশিৰ অধিপতিৰ সৈতে শনিৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। ৰাহুৱে আপোনাৰ ৰাশিৰ তৃতীয় স্থানত গোচৰ কৰিব। এই সময়ত সাহস আৰু পৰাক্ৰম বৃদ্ধি হ’ব মকৰ ৰাশিৰ জাতকৰ। পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্ক উন্নত হ’ব। ভায়েক-ভনীয়েকৰ সহযোগিতা লাভ কৰিব এই ৰাশিৰ জাতকে। বিদেশত ব্যৱসায় থাকিলে ভাল ফলাফল লাভ কৰিব। শত্ৰুক পৰাজিত কৰাত সফল হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ