প্ৰেমৰ চহৰ পেৰিছত এইবাৰ অলিম্পিক৷ ফ্ৰান্সৰ ৰাজধানী পেৰিছত অলিম্পিক গেমছত ভাগ ল’বলৈ বিশ্বৰ ক্ৰীড়াপ্ৰেমীৰ ভিৰ৷ শ্যেন নদীৰ পাৰত হোৱা উদ্বোধনী অনুষ্ঠানে বিশ্বৰ ক্ৰীড়াপ্ৰেমীৰ দৃষ্টি কাঢ়িছে৷ শ্যেন নদীৰ বুকুত উদ্বোধনী অনুষ্ঠান৷ এনে অনুষ্ঠান অলিম্পিকৰ ইতিহাসত কাহানিও হোৱা নাই৷ একাধিক দেশৰ ক্ৰীড়া মহাৰথীৰে উজ্বলি উঠিছিল শ্যেন নদীৰ বুকু৷ ২০৬ টা অলিম্পিক নেশ্ব্যনেল টিম আৰু আই অ চি ৰিফিউজি অলিম্পিক টীমক আদৰণি জনাইছে ফ্ৰান্সে৷ একোখন দেশক প্ৰতিনিধিত্ব কৰি অলিম্পিকক প্ৰতিনিধিত্ব কৰা একোজন খেলুৱৈৰ বাবে গৰ্বৰ বিষয়৷ আৰু যদি কোনো এথলিটে দেশৰ পতাকা কঢ়িওৱাৰ সুযোগ পায় তেন্তে সেয়া আৰু গৌৰৱৰ বিষয়৷
দেশৰ পতাকা কঢ়িয়াবলৈ গৈ বিৰাট ডাঙৰ ভুল কৰি মানসিকভাৱে ভাঙি পৰিছে এতিয়া ইটালীৰ এগৰাকী খেলুৱৈ৷ ইটালীৰ হাই জাম্পাৰ গিয়ানমাৰ্কো তাম্বেৰিয়ে দিছে বিশেষ ইনষ্টাগ্ৰাম প’ষ্ট৷ প’ষ্টযোগে তেওঁ পত্নীক ক্ষমা খুজিছে৷ দুখেৰে তেওঁ পত্নীক উদ্দেশ্যি লিখিছে কেইটামান বাক্য৷ উদ্বোধনী অনুষ্ঠানত দেশৰ হৈ পতাকা কঢ়িয়াবলৈ গৈ তেওঁ হেৰুৱাই পেলাইছে বিয়াৰ আঙঠি৷ দেশৰ পতাকা কঢ়িওৱাৰ উত্তেজনাত তেওঁৰ হাতৰ পৰা বিয়াৰ আঙঠি কেতিয়া সৰি পৰিল তেওঁ গমকে নাপালে৷ আঙঠিটো নদীৰ বুকুত পৰি যায়৷ যাৰবাবে দুখ প্ৰকাশ কৰি হাই জাম্পাৰ গিয়ানমাৰ্কোয়ে পত্নীৰ সৈতে থকা ৪খনকৈ ফটো শ্বেয়াৰ কৰি ক্ষমা খুজিছে পত্নীৰ ওচৰত৷ তেওঁ লিখিছে, ‘মই অতিকৈ দুঃখিত মৰমী৷ সঁচাকৈয়ে মোৰ খুব দুখ লাগিছে৷ তাত পানী বহুত আছিল৷ বিগত কেইবামাহ ধৰি মোৰ ওজনো যথেষ্ট কমিছে৷ লগতে খেলৰ উত্তেজনাও৷ মোৰ হাতৰ আঙঠিতো কেনেকৈ পৰি গ’ল গমকে নাপালো৷ মোক ক্ষমা কৰিবা৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ