বিষ্ণুৰ প্ৰধান চাৰি তীৰ্থক্ষেত্ৰৰ মাজত অন্যতম হৈছে পুৰীৰ জগন্নাথ মন্দিৰ৷ বাকী তিনিটা হৈছে উত্তৰাখণ্ডৰ বদ্ৰীনাথ, গুজৰাটৰ দ্বাৰকা আৰু তামিলনাডুৰ ৰামেশ্বৰম৷ দেশ বিদেশৰ পৰা এই মন্দিৰলৈ জগন্নাথ, বলৰাম আৰু সুভদ্ৰাৰ দৰ্শন কৰিবলৈ বহু মানুহ আহে৷
পুৰাণত জগন্নাথধামক মৰ্ত্যৰ বৈকুণ্ঠ বুলি বৰ্ণনা কৰা হৈছে৷ ধাৰণা কৰা হয় যে স্বয়ং শ্ৰীকৃষ্ণই দেহত্যাগৰ পাছত জগন্নাথৰূপে আত্মপ্ৰকাশ কৰে৷ কেৱল ধৰ্মীয় মাহাত্ম্য নহয়, পুৰীৰ জগন্নাথ মন্দিৰৰ সৈতে জড়িত হৈ আছে নানান ৰহস্য৷ প্ৰচলিত বিশ্বাস অনুসৰি এতিয়া জগন্নাথ দেৱৰ দৰ্শন কৰিলে সকলো পাপৰ পৰা মুক্তি পোৱা যায় আৰু মনৰ সকলো ইচ্ছা পূৰণ হয়৷
জগন্নাথ মন্দিৰৰ ছিৰিৰ তৃতীয় ধাপৰ ৰহস্য
পুৰীৰ জগন্নাথ মন্দিৰ সম্পৰ্কে যি ৰহস্যকথা প্ৰচলিত আছে, তাৰ মাজত অন্যতম হৈছে এই মন্দিৰৰ ছিৰি সম্পৰ্কীয় বিশ্বাস৷ কোৱা হয় যে এই মন্দিৰৰ ছিৰিৰ তৃতীয় ধাপত কেতিয়াও ভৰি দিব নালাগে৷ জগন্নাথ মন্দিৰৰ ছিৰিৰ তৃতীয় ধাপক যম শিলা বোলা হয়৷ কিয় এই বিশ্বাস প্ৰচলিত তাৰ উৎস লুকাই আছে পুৰাণৰ এটা গল্পত৷
কাহিনী অনুসৰি জগন্নাথ মন্দিৰৰ দৰ্শন কৰিলে ভক্তই মুক্তি পায়৷ মৃত্যুৰ পাছত তেওঁলোকে আৰু নৰকত বাস কৰিব নোৱাৰে৷ এই পৰিস্থিতিত যমলোক প্ৰায় শূন্য হোৱাৰ উপক্ৰম৷ তেতিয়াই সূৰ্যপুত্ৰ যমৰাজে স্বয়ং জগন্নাথ মন্দিৰলৈ আহি প্ৰভু জগন্নাথক দৰ্শন কৰে৷ তেওঁ জগন্নাথদেৱক কয় যে এনেকৈ সকলোৱে মুক্তি পালে মানুহে কৰ্মফল কেনেকৈ ভোগ কৰিব? এই কথা শুনি মন্দিৰৰ মূল দুৱাৰৰ ছিৰিৰ তৃতীয় ধাপত মৃত্যুৰ দেৱতা যমক অৱস্থান কৰিবলৈ কয় জগন্নাথে৷
তেওঁৰ কথা শুনিয়েই জগন্নাথ মন্দিৰৰ মূল দুৱাৰৰ তৃতীয় চিৰিত বহি থাকে যম৷ এই কাৰণেই চিৰিৰ তৃতীয় ধাপক যম শিলা বুলি কোৱা হয়৷ জগন্নাথ, বলৰাম, সুভদ্ৰাক দৰ্শনৰ পাছত এই ছিৰিত ভৰি দিলেই দৰ্শনৰ যাৱতীয় পূণ্য নষ্ট হয় আৰু সেই ব্যক্তি মৃত্যুৰ পাছত যমলোকলৈ যাব লাগে৷
মূল দুৱাৰেৰে জগন্নাথ মন্দিৰত প্ৰৱেশৰ পথত মুখত তলৰ পৰা তিনি নম্বৰ ধাপ হৈছে যম শিলা৷ চিৰিৰ এই ধাপটোক পৃথক কৰিবলৈ কলা ৰং কৰা আছে৷ জগন্নাথ মন্দিৰলৈ প্ৰৱেশ কৰা আৰু বাহিৰলৈ ওলোৱাৰ সময়ত ভুলতো যেন এই যম শিলাত ভৰি নপৰে সেই কথাটোত নজৰ ৰাখিব লাগে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















