জে’লত বন্দী হৈ থকা এজন কংগ্ৰেছী নেতা বিয়াত নাচি থকা ভিডিঅ’ ভাইৰেল হোৱাত হুৱাদুৱা লাগে আৰক্ষীৰ মাজত। পঞ্জাৱৰ যুৱ কংগ্ৰেছ নেতা সৰ্বোত্তম সিং ওৰফে লাকী সান্ধু কেইবাটাও অপৰাধজনিত গোচৰত কাৰাৰুদ্ধ হৈ আছে। আশ্চৰ্যকৰভাবে কাৰাৰুদ্ধ সান্ধুক এখন বিয়াত নাচি থকা অৱস্থাত দেখা যায়। সান্ধুৰ নাচি থকা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় পঞ্জাৱ আৰক্ষীৰ মাজত।
অপহৰণ, হিংসাকে ধৰি সান্ধুৰ বিৰুদ্ধে কমেও ৯ টা গোচৰ আছে। বিগত ছেপ্তেম্বৰ মাহত লাকী সান্ধু অপহৰণ আৰু হিংসাৰ গোচৰত গ্ৰেপ্তাৰ হৈ বৰ্তমান লুধিয়ানা কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে। পঞ্জাৱৰ যুৱ কংগ্ৰেছ নেতাগৰাকীক ৰায়কোটৰ এখন বিবাহ অনুষ্ঠানত ভাগ লোৱা আৰু নাচি থকা পৰিলক্ষিত হয়। ইয়াৰ পাছতে তৎপৰ হৈ পৰে পঞ্জাৱ আৰক্ষী আৰু এই ঘটনাৰ বাবে দুগৰাকী আৰক্ষী বিষয়াক নিলম্বনো কৰে।
তথ্য অনুসৰি এক অপহৰণৰ গোচৰত জে’লত বন্দী হৈ থকা সৰ্বোত্তম সিং ওৰফে লাকী সান্ধুৱে শাৰীৰিক অসুস্থতাৰ দোহাই দিয়ে। স্বাস্থ্য পৰীক্ষাৰ বাবে সান্ধুক ৮ ডিচেম্বৰত চণ্ডিগড়ৰ পিজিআইএমইআৰলৈ লৈ যোৱা হয়। সান্ধুৰ লগত লুধিয়ানা আৰক্ষী আয়ুক্তালয়ৰ এটা দল যোৱা বুলি জানিবলৈ দিয়ে কাৰাগাৰৰ বিষয়াই। পিজিআইএমইআৰত স্বাস্থ্য পৰীক্ষা কৰি উভতি অহাৰ পথত ৰায়পুৰত এখন বিবাহ অনুষ্ঠানত তেওঁলোক ৰয়।
যুৱ কংগ্ৰেছ নেতা লাকী সান্ধুৰ লগত যোৱা আৰক্ষী উপ-পৰিদৰ্শক মংগল সিং আৰু সহকাৰী উপ-পৰিদৰ্শক কুলদীপ সিঙক নিলম্বন কৰা বুলি জানিবলৈ দিয়ে লুধিয়ানাৰ আৰক্ষী আয়ুক্ত কুলদীপ চহলে। নিলম্বিত আৰক্ষী বিষয়া দুগৰাকীৰ বিৰুদ্ধে বিভাগীয় তদন্তৰো নিৰ্দেশ দিয়া বুলি কয় আৰক্ষী আয়ুক্তগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















