অসম লাইভ২৪ঃ সময় সলনি হৈছে। এদিন বিশ্বৰ দুখীয়া দেশ বুলি পৰিচিত ভাৰতবৰ্ষই আজি বিশ্বৰ ধনী ৰাষ্ট্ৰৰ সৈতে ফেৰ মাৰিব পৰা ঘোৰা দৌৰত চামিল হৈছে। ব্ৰিটিছৰ শোষণৰ ফলত ভাৰত বিশ্বৰ অন্যতম দুখীয়া দেশ হিচাপে পৰিগণিত হোৱা দেশখনে আজি উন্নত দেশৰ খিতাপ পাবলৈ সক্ষম হৈছে। অনুন্নত দেশৰ পৰা বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতিৰ দেশলৈ ভাৰতে গতি কৰিছে। স্বাধীনতাৰ ৭৫ বছৰৰ পিছত ভাৰতৰ এই উত্থানৰ কথা ৰাষ্ট্ৰসংঘৰ এখন সভাত দিয়া ভাষণত উল্লেখ কৰিছে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে।
বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কয়,’ অষ্টদশ শতিকাত ভাৰতক বিশ্বৰ জিডিপিৰ এক-চতুৰ্থাংশ বুলি গণ্য কৰা হৈছিল। তাৰ পৰা, বিংশ শতিকাৰ মাজভাগত, ঔপনিৱেশিকতাৰ হেঁচাত ভাৰত এখন দৰিদ্ৰ দেশ হৈ পৰিছিল। স্বাধীনতাৰ ৭৫ বছৰত ভাৰতে বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিচয় দিছে। এই কথা মই সগৌৰৱেৰে ইয়াত প্ৰকাশ কৰিবলৈ পায় অত্যন্ত সুখ অনুভৱ কৰিছো।’
ইয়াৰোপৰি ভাৰতৰ ডিজিটেল টেকনলজিৰ সাফল্যৰ কথা উল্লেখ কৰি মন্ত্ৰী এছ জয়শংকৰে কয়,’সাম্প্ৰতিক সময়ত ডিজিটেল টেকনলজিয়ে অভাৱনীয় সাফল্য লাভ কৰিছে। খাদ্য আৰু নিৰাপত্তাৰ ক্ষেত্ৰতো ডিজিটেল টেকনলজিয়ে সফলতা লাভ কৰিছে। ডিজিটেলীও ৩০০ বিলিয়ন ডলাৰ ডিভিডেণ্ট বিতৰণ কৰা সম্ভৱ হৈ উঠিছে। ইয়াৰ ফলস্বৰূপে ৪০০ নিযুত লোকে নিয়মীয়া খাদ্য লাভ কৰিছে। ইয়াৰোপৰি কভিড দুৰীকৰণৰ বাবে ২০০ কোটি ভেকছিনো বিতৰণ কৰিবলৈ সক্ষম হৈছো।’
উল্লেখ্য যে শুকুৰবাৰে নিউৱৰ্কত ব্ৰিকছ গোটৰ বৈদেশিক মন্ত্ৰীসকল বৈঠকত মিলিত হৈছিল। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধিৱেশনৰ পূৰ্বে ৱাং য়ি-ৰ সৈতে একেখন মঞ্চতেই দেখা গৈছে ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীক। এই সভাতেই ৰুছ বৈদেশিকমন্ত্ৰী ছেৰ্গেই লাভৰভও উপস্থিত আছিল। বৈঠকৰ পিছত এক যুটীয়া বিবৃতিত সদস্য দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকলে সন্ত্ৰাসবাদকো তীব্ৰ গৰিহণা দিয়ে।
ইপিনে বৈঠকৰ পূৰ্বে জয়শংকৰে ৰাষ্ট্ৰসংঘত সন্ত্ৰাসবাদী লুকুৱাই ৰখাৰ বাবে চীনক সমালোচনা কৰে। তেওঁ কয় যে, ‘কিছুমান দেশে সন্ত্ৰাসবাদীসকলক নিৰাপত্তা দি লুকুৱাই ৰাখিছে।’ নিৰাপত্তা পৰিষদত ইউক্ৰেইন সন্দৰ্ভতো মন্তব্য দি জয়শংকৰে কয়, ‘বিশ্বৰ ভয়ংকৰ উগ্ৰপন্থীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ ক্ষেত্ৰত আমি পন্থা বাছনি কৰাৰ পূৰ্বেই বহি থকা কোঠাটোলৈকো চকু ফুৰাওক। এই কোঠাতেই একাংশই কেনেকৈ দোষীসকলক নিৰাপত্তা বেষ্টনীৰে আবৰি ৰাখিছে সেয়া দৃষ্টিগোচৰ হ’ব।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ