জম্মু কাশ্মীৰৰ প্ৰথম দফাৰ ভোটগ্ৰহণ পুৱাৰে পৰাই চলি আছে৷ ৰাজ্যখনৰ ২৪ আসনত ভোটগ্ৰহণ চলিছে৷ প্ৰায় এক দশক পাছত জম্মু কাশ্মীৰৰ বিধানসভা নিৰ্বাচন৷ শেষবাৰ ভূস্বৰ্গত নিৰ্বাচন হৈছিল ২০১৪ চনত৷ ইয়াৰপাছতেই আমূল পৰিবৰ্তন ঘটিছে জম্মু কাশ্মীৰত৷ বিলুপ্ত হৈছে সংবিধানৰ ৩৭০ অনুচ্ছেদ৷ হেৰুৱাইছে পূৰ্ণ ৰাজ্যৰ মৰ্যদা৷ দীৰ্ঘ ১০ বছৰ পাছত আকৌ বুথমুখী কাশ্মীৰিজনতা৷ নিৰ্বাচন কমিছনৰ তথ্য অনুসৰি পুৱা ৯ বজা পৰ্যন্ত জম্মু কাশ্মীৰত ১১.১১ শতাংশ ভোটগ্ৰহণ সম্পন্ন হৈছিল৷ বহু বুথত দিঘলীয়া লাইন চকুত পৰিছে পুৱাৰে পৰাই৷ যি ২৪ আসনৰ বাবে ভোটগ্ৰহণ চলিছে তাৰ মাজত জম্মুৰ ৮ আৰু কাশ্মীৰৰ ১৬খন আসন আছে৷ প্ৰথম দফাত ২১৯ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে৷ ভোট দিব ২৩ লাখ ভোটাৰ৷ ভোটাৰ তালিকাত আছে ৩৫ হাজাৰ কাশ্মীৰি পণ্ডিতো৷ মুঠ ৩ হাজাৰ ২৭৬ টা বুথত আছে ১৪ হাজাৰ ভোটাৰ৷ ভোটগ্ৰহণ চলিছে কাশ্মীৰৰ অনন্তনাগ, পুলৱামা, শোপিয়ান, কুলগাম আৰু জম্মুৰ দোদা, ৰামবান আৰু কিস্তৱাৰ৷
এইবাৰ নিৰ্বাচনত কংগ্ৰেছ আৰু নেশ্ব্যনেল কনফাৰেন্সে জোট বান্ধি যুঁজ দিছে৷ যুঁজত নামিছে মেহবুবা মুফতিৰ PDPয়ে৷ নেশ্ব্যনেল কনফাৰেন্সৰ ইস্তাহাৰত সংবিধানৰ ৩৭০ অনুচ্ছেদ উভতাই অনাৰ প্ৰতিশ্ৰুতিও আছে৷ যদিও কংগ্ৰেছ এই সন্দৰ্ভত নিৰৱ হৈ আছে তথাপিও তেওঁলোকৰ জোঁটৰ ইস্তাহাৰত এই কথা উল্লেখ আছে৷
শেখ আব্দু ৰছিদৰ আওয়ামী ইত্তেহাদ পাৰ্টীয়ে অনানুষ্ঠানিকভাৱে জামাত ই ইছলামিৰ সৈতে কৌশলগত জোঁট তৈয়াৰ কৰিছে৷ এই গোষ্ঠী বহুদিনৰ পৰাই কাশ্মীৰত নিষিদ্ধ৷ প্ৰথম দফা নিৰ্বাচনৰ আৰম্ভণিতেই কাশ্মীৰিসকলক ভোটদানত উৎসাহ জোগাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ বিৰোধী দলনেতা ৰাহুল গান্ধীয়ে৷ দুজনেই সামাজিক মাধ্যমত পোষ্ট কৰি শুভেচ্ছা জনাইছে৷ নৰেন্দ্ৰ মোদীয়ে লিখিছে, ‘গণতান্ত্ৰিক উৎসৱত যোগদান কৰক৷ তৰুণ আৰু প্ৰথমবাৰৰ বাবে ভোট দিবলৈ অহাসকলকো মই আহ্বান জনাম যে নিজৰ মতামত আপোনালোকে প্ৰকাশ কৰক৷’
বিৰোধী দলপতি ৰাহুলেও শুভেচ্ছা জনাই কয়, ‘দেশৰ ইতিহাসত এয়ে প্ৰথম কোনো পূৰ্ণ ৰাজ্যৰ মৰ্যদা আঁজুৰি লোৱা হৈছে৷ আপোনালোকৰ সাংবিধানিক অধিকাত লংঘন কৰা হৈছে৷ জম্মু কাশ্মীৰত অপমান কৰা হৈছে৷ ইণ্ডিয়া জোঁটে আপোনালোকৰ এটা এটা ভোটেৰে আপোনালোকৰ অধিকাৰ আকৌ ঘূৰাই আনিব৷ ৰোজগাৰ বৃদ্ধি কৰিব৷ মহিলাসকল আত্মনিৰ্ভৰ হ’ব৷ অন্যায়ক এই যুগৰ পৰা বাহিৰলৈ ওলাই অহাত আপোনালোকক সহায় কৰিব৷ জম্মু-কাশ্মীৰ আকৌ সমৃদ্ধ হ’ব৷ ঘৰৰ পৰা নিৰ্ভয়ে আপোনালোক বাহিৰলৈ ওলাব৷ নিজৰ গণতান্ত্ৰিক অধিকাৰ সেয়ে প্ৰয়োগ কৰক৷ ইণ্ডিয়া জোঁটক সমৰ্থন কৰক৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ