মহিলাৰ বন্ধা চুলি তথা খোপাই পুৰুষৰ যৌন কামনা বৃদ্ধি কৰে৷ কেৱল বন্ধা চুলি বা খোপাই নহয়, নাৰীৰ উন্মুক্ত ডিঙিয়েও পুৰুষৰ যৌন কামনা বৃদ্ধি কৰে৷
এই কথা আমি কোৱা নাই, এই কথা কৈছে বিশ্বৰ এখন আগশাৰী দেশ জাপানে৷
জাপানৰ শিক্ষানুষ্ঠানসমূহৰ মতে ছাত্ৰীৰ বন্ধা চুলি তথা খোপা আৰু উন্মুক্ত ডিঙিয়ে ছাত্ৰৰ যৌন কামনাক বৃদ্ধি কৰে৷
লগতে পঢ়ক জু বিডেনৰ প্ৰশাসনত ভাৰতীয় মূলৰ নাৰীৰ দপদপনি অব্যাহত
আৰু এই শংকা কৰিয়েই জাপানৰ বিদ্যালয়সমূহত ছাত্ৰীৰ চুলি বন্ধা আৰু ডিঙি উন্মুক্ত কৰি ৰখা নিষিদ্ধ কৰা হৈছে৷
দেশখনৰ বিদ্যালয়সমূহত পোছাক বিধিৰ অন্তৰ্ভুক্ত কৰি জাপানত এই নীতিক কঠোৰভাৱে বলৱৎ কৰা হৈছে৷ এতিয়াৰ পৰা ছাত্ৰীয়ে বিদ্যালয়লৈ চুলি বান্ধি অথবা ডিঙি উন্মুক্ত কৰি যাব নোৱাৰিব৷
এই নীতি কঠোৰভাৱে বলৱৎ কৰাৰ পিছতে দেশখনৰ প্ৰাক্তন শিক্ষকসকলে জাপানৰ এই নীতিক বিৰুদ্ধাচৰণ কৰা দেখা গৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ