মাৰ্কিন প্ৰকাশনত ভাৰতীয় মূলৰ লোকৰ ৰাজনৈতিক আৰু প্ৰশাসনিক গুৰুত্ব ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰিছে৷ জু বিডেন প্ৰশাসনৰ উপ ৰাষ্ট্ৰপতি হিচাপে কমলা হাৰিছে নিৰ্বাচিত হোৱাৰ পিছতে মাৰ্কিন প্ৰকাশনত ভাৰতীয় লোকৰ প্ৰভাৱ আৰু গুৰুত্ব বিশেষভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷
এইবাৰ জু বিডেন প্ৰকাশনে ভাৰতীয় মূলৰ এগৰাকী মহিলা ৰাজনীতিকক নেডাৰলেণ্ডৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি প্ৰদান কৰিছে৷ শুকুৰবাৰে হোৱাইট হাউছে ভাৰতীয় মূলৰ ৰাজনীতিক তথা এক্টিভিষ্ট শ্বেফালী ৰাজডন ডুগ্গলক নেডাৰলেণ্ডৰ নতুন ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিছে৷
জন্মু আৰু কাশ্মীৰী মূলৰ ৫০ বছৰীয়া শ্বেফালী ৰাজডন ডুগ্গলে আমেৰিকাৰ চিনচিন্নাটি, চিকাগ’, নিউয়ৰ্ক আৰু ব’ষ্টনত ডাঙৰ দীঘল হোৱাৰ লগতে নিউয়ৰ্ক বিশ্ববিদ্যায়ৰ পৰা ৰাজনীতি বিজ্ঞান আৰু মিয়ামি বিশ্ববিদ্যালয়ৰ পৰা মাছ কমিউনিকেশ্যনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল৷
দুটি সন্তানৰ মাতৃ ডুগ্গলে ইয়াৰ পিছতে আইনী শিক্ষা গ্ৰহণ কৰি নাৰী অধিকাৰৰ অধিবক্তা আৰু মানৱ অধিকাৰ সজাগতা অভিযানৰ সক্ৰিয় কৰ্মী হিচাপেও কাম কৰিছিল৷ জ’ বিডেন প্ৰশাসনসৰ নেশ্যনেল কো-চেয়াৰ অৱ ইউমেনৰ অধ্যক্ষা আৰু ডেমক্ৰেটিক নেচনেল কমিটিৰ উপ ৰাষ্ট্ৰীয় বিত্তীয় অধ্যক্ষা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল শ্ৰীমতী ডুগ্গলে।
ডুগ্গলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হলোকষ্ট মেম’ৰিয়েল মিউজিয়াম কাউন্সিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ নিযুক্ত এগৰাকী ৱেষ্টাৰ্ণ ৰেজিয়’নেল উপদেষ্টা হিচাপে সেৱা আগবঢ়াই আছে। ইয়াৰ পূৰ্বে দুগ্গাল হিউমেন ৰাইটচ ৱাচৰ চান ফ্ৰাঞ্চিস্কো কমিটিৰ সদস্য, ৱেক ফৰেষ্ট ইউনিভাৰ্চিটি লিডাৰশ্বিপ এণ্ড কেৰেক্টৰ কাউন্সিলৰ সদস্য আৰু ডাইৰেক্টৰ্ছ অৱ এমিলিৰ সেৱা আগবঢ়াইছিল।
লগতে পঢ়ক মঞ্চৰ এজন কমেডিয়ানৰ পৰা পঞ্জাৱৰ মুখ্যমন্ত্ৰীলৈ ভগৱন্ত সিং মানৰ ৰোমাঞ্চকৰ যাত্ৰা…
শ্ৰীমতী দুগ্গলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হলোকষ্ট মেম’ৰিয়েল মিউজিয়ামৰ পশ্চিমীয়া আঞ্চলিক নেতৃত্ব বঁটা, কেলিফৰ্ণিয়া ষ্টেট এচেম্বলীৰ ‘কমিউনিটি হিৰো’ সন্মান আৰু নেশ্যনেল ডাইভাৰ্ছিটি কাউন্সিল, কেলিফৰ্ণিয়াৰ আটাইতকৈ শক্তিশালী মহিলাৰ সন্মান তথা বঁটা লাভ কৰিছে।
শ্ৰীমতী দুগ্গালে ২০০৮ চনৰ বাৰাক অ’বামাৰ আৰু ইয়াৰ পিছত হিলাৰী ক্লিণ্টনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনী প্ৰচাৰতো সক্ৰিয়ভাৱে জড়িত আছিল৷ ডুগ্গলৰ এই নিযুক্তিয়ে মাৰ্কিন প্ৰশাসনত ভাৰতীয় মূলৰ লোকৰ বিশেষকৈ মহিলাৰ দপদপনি অব্যাহত আছে বুলি চৰ্চা লাভ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ