স্বামীৰ নাম আৰমান৷ পত্নীৰ নাম কৃতিকা মালিক৷ দুয়ো আছিল টিকটিক ষ্টাৰ৷ এতিয়া ইনষ্টাগ্ৰাম ষ্টাৰ৷
প্ৰেমাপাশত আৱদ্ধ হৈ দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল ছবৰ পূৰ্বে৷ তেওঁলোকৰ আছে এটি পাঁচ বছৰীয়া সন্তান৷ তেওঁলোকে দুয়ো টিকটিক অহাৰ পিছতে চেলিব্ৰেটিলৈ পৰিণত হয়৷ দেশত টিকটক বন্ধ হোৱাৰ পিছত ইনষ্টাগ্ৰামতো হৈ পৰে জনপ্ৰিয়৷
এনেতে ঘটে এক অঘটন৷ আৰমানে এক বিবাহৰ অনুষ্ঠানত লগ পায় কৃতিকাক৷ প্ৰথম দেখাতে দুয়ো দুয়োৰে প্ৰেমত পৰে৷ তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কই সময়ত ভৰপক হৈ উঠে৷
লগতে পঢ়ক দুজন মুখ্যমন্ত্ৰী আৰু দুজন প্ৰাক্তন মুখ্যমন্ত্ৰী পৰিল নিৰ্বাচনী ৰণত
এনেতে আৰমানৰ পত্নীয়ে গম পায় তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে৷ বিবাহিত আৰমানৰ প্ৰেমিকা কৃতিকাৰ বিষয়েও গম পাই পায়েলে৷ আৰু এই কৃতিকা আন কোনো নহয়, তাই হ’ল পায়েল শৈশৱৰ প্ৰিয় বান্ধৱী৷
ইয়াৰ পিছতে ঘটনাই নতুন মূৰ লয়৷ পায়েলে আৰমান আৰু কৃতিকাৰ বিবাহ কৰাই দিয়ে৷ বিবাহ কৰাই কৃতিকাক নিজৰ ঘৰলৈ লৈ আহে৷ তিনিওৱে একেলগে আৰম্ভ কৰে নতুন সংসাৰ৷
এতিয়া তেওঁলোকৰ চাৰিজনীয়া সংসাৰ৷ অৰ্থাৎ আৰমান দুই পত্নী পায়েল, কৃতিকা আৰু আৰমান আৰু পায়েল পাঁচ বছৰীয়া পুত্ৰ সন্তান৷ তেওঁলোকৰ এই সুখৰ সংসাৰ এতিয়া সকলোৰে চৰ্চা বিষয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ