ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে ১৮ টা দিনত ভৰি দিলে৷ এটা পষেক অতিক্ৰম কৰাৰ পিছতো ৰাছিয়াই আক্ৰমণ অব্যাহত ৰাখিছে৷ ৰাছিয়াই এইদৰে আক্ৰমণ অব্যাহত ৰাখিলে তৃতীয় বিশ্বযুদ্ধ হোৱাৰ আশংকাই দেখা দিছে৷
আমেৰিকাৰ ৰাষ্ট্ৰপতি জু বিডেনে এই সম্ভাৱনাকে যেন প্ৰকট কৰিছে৷ শুকুৰবাৰে মাৰ্কিন ৰাষ্ট্ৰপতি জু বিডেনে তৃতীয় বিশ্বযুদ্ধৰ বাবে উত্তেজিত কৰি থকাৰ পৰা বিৰত থাকিবলৈ ৰাছিয়াক সকীয়নি দিছে৷
মাৰ্কিন ৰাষ্ট্ৰপতি বিডেনে কয় যে আমেৰিকাই ইউক্ৰকেইনত ৰাছিয়াৰ বিৰুদ্ধে পোনপতীয়াকৈ যুদ্ধ নকৰে, যদি NATO আৰু ৰাছিয়াৰ মাজত যুদ্ধ হয়, তেতিয়া এই যুদ্ধ তৃতীয় বিশ্বযুদ্ধলৈ ৰূপান্তৰ হ’ব৷
লগতে পঢ়ক ৩৭ বছৰৰ অন্তত উত্তৰ প্ৰদেশত ইতিহাস ৰচিব যোগীয়ে! কি ইতিহাস ৰচিব যোগী আদিত্যনাথে?
‘‘ৰাছিয়াই ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰিলে মস্কোৱে ইয়াৰ পৰিণাম ভুগিব লাগিব৷’’ ৰাছিয়াক সকীয়নি প্ৰদান কৰি এইদৰে কয় মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে৷
ইফালে ৰাছিয়াই ইউক্ৰেইন আৰু আমেৰিকাৰ বিৰুদ্ধে জৈৱিক অস্ত্ৰ তৈয়াৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ ইয়াৰ প্ৰত্যুত্তৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি জু বিডেনে ৰাছিয়াক সতৰ্ক কৰি দি কয় যে ৰাছিয়াই পশ্চিমীয়া দেশসমূহৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন কৰি মস্কোৱেই নিজেই এই কাম কৰি আহিছে৷
ৰাছিয়াই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ইউক্ৰেইনৰ সপক্ষে গ্ৰহণ কৰা স্থিতিকো তীব্ৰ বিৰোধিতা কৰিছে৷ ইফালে, ৰাছিয়াই কৈছে যে কীয়েভে জৈৱ-অস্ত্ৰ নিৰ্মাণৰ ব্যৱস্থা কৰিছে।
লগতে পঢ়ক পঞ্জাৱৰ মুখ্যমন্ত্ৰী নহয় আপ নেতা ভগৱন্ত সিং মান; হ’ব পঞ্জাৱৰ ‘কমন মেন’, কিন্তু কিয়?
আনহাতে, মাৰ্কিন ৰাষ্ট্ৰপতি বিডেনে ইউক্ৰেইন আক্ৰমণ কৰা ৰাছিয়াৰ ওপৰত ক্ৰমাগতভাৱে চাপ বৃদ্ধি কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাছিয়াৰ সৈতে সকলোবোৰ বাণিজ্যিক সম্পৰ্ক প্ৰায় ছিন্ন কৰিছে। বাণিজ্যিক আৰু অৰ্থনৈতিক প্ৰতিবন্ধকতাৰ সন্মুখীন হোৱাৰ পিছতে ইউক্ৰেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে ৰাছিয়াই ইটোৰ পিছত সিটো অভিযোগ উত্থাপন কৰা দেখা গৈছে৷
ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে আজি ১৮ দিনত ভৰি দিয়াৰ দিলেও এই আক্ৰমণ বন্ধ কৰাৰ কোনো নাম লোৱা নাই ৰাছিয়াই৷ ইতিমধ্যে ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইন প্ৰায় বিধ্বস্ত হৈ পৰিছে। কিন্তু পুটিনে আকৌ এবাৰ স্পষ্ট কৰি দিছে যে তেওঁ এতিয়াই যুদ্ধ সমাপ্ত কৰিবলৈ সাজু নহয়।
শুকুৰবাৰে ক্ৰেমলিনে কয় যে ছিৰিয়া আৰু মধ্য প্ৰাচ্যৰ (ছিৰিয়া, মিডেল ইষ্ট) যুঁজাৰুসকলক ইউক্ৰেইনত ৰাছিয়াৰ হৈ যুঁজিবলৈ অনুমতি দিয়া হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ