যীচু খ্ৰীষ্টৰ প্ৰকৃত নাম অন্যহে, অধ্যয়নত প্ৰকাশ সকলো, পৰিচয় জানি আচৰিত হ’ব আপুনি
খ্ৰীষ্টান ধৰ্মৰ উপাস্য দেৱতা যীচু খ্ৰীষ্টৰ নাম সন্দৰ্ভত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য। অধ্যয়নত প্ৰকাশ পাইছে যীচু খ্ৰীষ্টৰ প্ৰকৃত নাম।
বিশেষজ্ঞৰ মতে , যীচু খ্ৰীষ্টৰ প্ৰকৃত নাম য়েছু নাৰজীন (Yeshu Narazene)। এই দাবী প্ৰাচীন আৰামীয় ভাষা আৰু ইতিহাসৰ ওপৰত কৰা অধ্যয়নৰ পাছত কৰিছে।
কেৱল নামেই নহয়, তেখেতৰ জন্মতিথি সন্দৰ্ভতো প্ৰকাশ পাইছে ন তথ্য। যীচু খ্ৰীষ্টৰ জন্ম হৈছিল ইহুদিয়াত, যি তেতিয়াৰ দিনত ৰোমান সাম্ৰাজ্যৰ অংশ আছিল। সেই সময়ত এই অঞ্চলত আৰামীয় ভাষা কোৱা হৈছিল। সেই সময়ত গালীল আৰু নাচৰত অঞ্চলত ‘য়েছু’ বা ‘য়েছুয়া’ অত্যন্ত সাধাৰণ নাম আছিল। ইতিহাসবিদসকলৰ মতে যীচুৰ সম্পূৰ্ণ নাম আছিল ‘য়েছু নাৰাজীন’, যাৰ অৰ্থ ‘নাচৰতৰ যীচু’।
বাইবেলত যীচুক প্ৰায়ে ‘নাচৰতৰ যীচু’ বা ‘নাচৰিত যীচু’ বুলিও উল্লেখ কৰা হৈছে। ইয়াৰ পৰা বুজা যায় যে সেই সময়ত মানুহে নিজৰ পৰিচয় দিবলৈ নিজৰ নামত নিজৰ ঠাইৰ নাম যোগ কৰিছিল।
প্ৰাচীন কালত ‘জ’ আখৰ ব্যৱহাৰ কৰা হোৱা নাছিল। যীচুৰ মৃত্যুৰ প্ৰায় ১৫০০ বছৰৰ পিছত ‘জ’ ধ্বনি আৰু ইয়াৰ উচ্চাৰণ অস্তিত্বলৈ আহিছিল। যেতিয়া নতুন নিয়ম আৰামীয়া ভাষাৰ পৰা গ্ৰীকলৈ অনুবাদ কৰা হৈছিল, তেতিয়া তেওঁৰ নাম ‘য়েছু’ ‘ইয়েছ’ছ’ বুলি লিখা হৈছিল। পিছলৈ ইয়াক লেটিন ভাষাত ‘ইয়েছ’ বুলি কোৱা হৈছিল। ১৭ শতিকাত ‘জে’ আখৰৰ ব্যৱহাৰ আৰু ইয়াৰ ধ্বনি বৃদ্ধি পায় আৰু এইদৰে ‘ইয়েছ’ ‘যীচু’লৈ সলনি হৈ পৰে।
‘খ্ৰীষ্ট’ শব্দটো কোনো উপনাম নাছিল, ই আছিল এটা উপাধি, যাৰ অৰ্থ আছিল ‘ঈশ্বৰৰ অভিষিক্ত মানুহ’। সেয়ে সকলোৱে উচ্চাৰণ কৰিছিল যীচু খ্ৰীষ্ট বুলি।
আনহাতে ইতিহাসবিদসকলে কয় যে যীচুৰ জন্ম ২৫ ডিচেম্বৰত হোৱা নাছিল। চতুৰ্থ শতিকাত পোপ প্ৰথম জুলিয়াছে ২৫ ডিচেম্বৰক যীচুৰ জন্মদিন ঘোষণা কৰিছিল যাতে ইয়াক পৌত্তলিক উৎসৱ চেটাৰ্নেলিয়াৰ সৈতে জড়িত কৰিব পৰা যায়। কিন্তু সঠিক তাৰিখ সন্দৰ্ভত এতিয়ালৈকে কোনো দাবী কৰা নাই বিশেষজ্ঞ সকলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ