গ্ৰাহকক পুনৰ মাধমাৰ দিবলৈ সাজু টেলিকম কোম্পানী, ১২ শতাংশ বৃদ্ধি পাব পাৰে ৰিচাৰ্জ প্লান
বিগত বৰ্ষত টেলিকম কোম্পানীয়ে ৰিচাৰ্জ প্লেন ব্যয়বহুল কৰিছিল যদিও, যদিও পুনৰ গ্ৰাহকক মাধমাৰ দিবলৈ ওলাইছে। মোবাইল ৰিচাৰ্জ প্লেন আকৌ এবাৰ ১২% ব্যয়বহুল হ’ব পাৰে বুলি খবৰ ওলাইছে। আচলতে চলিত বৰ্ষৰ মে’ মাহত সক্ৰিয় ম’বাইল ব্যৱহাৰকাৰীৰ সংখ্যা পূৰ্বতকৈ ভালেখিলি বৃদ্ধি হোৱা দেখা গৈছে।
যাৰ ফলত পুনৰ টেলিকম কোম্পানীবোৰে গ্ৰাহকৰ সংখ্যা বৃদ্ধি পোৱাত ৰিচাৰ্জ প্লানৰ মূল্যও বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে। অৱশ্যে কোন কোন কোম্পানীয়ে এইদৰে ৰিচাৰ্জ প্লান বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে সেই বিষয়ে সদৰি কৰা নাই। কিন্তু এই মূল্য বৃদ্ধিয়ে এইবাৰ প্ৰভাৱ পেলাব সেই সকল গ্ৰাহকক , যি সকলে গোটেই বছৰটোৰ বাবে ৰিচাৰ্জ প্লান কৰে।
বিশেষজ্ঞসকলৰ মতে পুনৰ যদি টেলিকম কোম্পানীবোৰে মূল্যবৃদ্ধি কৰে, তেন্তে পুনৰ গ্ৰাহক সকলে নিজৰ নম্বৰ প’ৰ্ট কৰিব পাৰে।
চলিত বৰ্ষৰ মে’ মাহত ৭৪ লাখ সক্ৰিয় ব্যৱহাৰকাৰী বৃদ্ধি পাইছে। তথ্য অনুসৰি যোৱা ২৯ মাহৰ ভিতৰত এইটোৱেই সৰ্বাধিক। এনে পৰিস্থিতিত সক্ৰিয় ব্যৱহাৰকাৰীৰ সংখ্যা ১০৮ কোটি হৈছেগৈ। খবৰ অনুসৰি যোৱা ৫ মাহত ধাৰাবাহিকভাৱে ব্যৱহাৰকাৰী বৃদ্ধি পাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















