অসম লাইভ২৪ঃ দেশৰ বৃহত্তম টেলিকম সংস্থা জিঅ’ৰ পৰাও হেপি নিউ ইয়েৰ ২০২৪ ৰ শুভেচ্ছা জনাই গ্ৰাহকক দিছে বিশেষ প্লেনৰ সুবিধা। প্ৰিপেইড গ্ৰাহকক জিঅ’ই দিছে বিশেষ অফাৰ। এই অফাৰৰ অধীনত পুৰণা এটা প্লেন অন্তৰ্ভুক্ত কৰি তাৰ সুবিধা বঢ়াই দিছে জিঅ’ই। বাঢ়িছে ৰিচাৰ্ছৰ ম্যাদো।
এই প্ৰিপেইড প্লেন হৈছে ২,৯৯৯ টকাৰ বাৰ্ষিক ৰিচাৰ্ছ প্লেন। য’ত ৩৬৫ দিনৰ ভেলিডিটি আছে। সম্প্ৰতি এই ভেলিডিটি ২৪ দিন বঢ়াই দিছে সংস্থাটোৱে। অৰ্থাৎ এইবাৰ ৩৮৯ দিন থাকিৰ ৰিচাৰ্ছৰ ম্যাদ। ২,৯৯৯ টকাৰ ৰিচাৰ্ছ প্লেনৰ ম্যাদ বঢ়ালেও অন্যান্য সুবিধা কিন্তু একেই থাকিব।
ৰিচাৰ্ছৰ কি কি সুবিধা আছে?
এই প্লেনৰ ম্যাদ বৃদ্ধি পোৱাৰ বাবে প্ৰতি দিনৰ খৰচ কমাব পাৰে বুলিও জনাইছে সংস্থাটোৱে। ৰিলায়েন্স জিঅ’ৰ অফিছিয়েল ৱেবচাইট অনুসৰি ২,৯৯৯ টকাৰ প্ৰিপেইড প্লেন যিসকলে ল’ব তেওঁলোকত এটা ২৪ দিনৰ ভেলিডিটি ভাউচাৰ দিয়া হ’ব। এই ভাউচাৰৰ মাধ্যমেৰেই প্লেনৰ ম্যাদ বঢ়াব পাৰে।
সকলো মিলি ৩৮৯ দিন ব্যৱহাৰ কৰিব পাৰিব এই ৰিচাৰ্ছ। এই প্ৰিপেইড প্লেন জিঅ’ৰ অফিচিয়েল ৱেবচাইট অথৱা মাই জিঅ’ এপৰ পৰাও ক্ৰয় কৰিব পাৰে। সংস্থাটোৰ দাবী যে অতিৰিক্ত ভেলিডিটিৰ ফলত প্ৰতি দিনৰ খৰচ ৮.২১ টকাৰ পৰা কমাই ৭.৭০ টকাও কৰিব পাৰে। এই ৰিচাৰ্ছৰ অধীনত প্ৰতিদিনে ২.৫ জিবি ডাটা, আনলিমিটেড ভয়েছ কল আৰু দৈনিক ১০০টা এছ এম এছৰ সুবিধা পোৱা যাব। ইয়াৰোপৰি সমস্ত এলেকাত জিঅ’ ৫জি আৰম্ভ হৈছে। ইউজাৰৰ স্মাৰ্টফোন ৫জি হ’লে আনলিমিটেড ৫জি ডাটা অফাৰো লাভ কৰিব পাৰে।
ইয়াৰোপৰি ইউজাৰে জিঅ’ টিভি, জিঅ’ চিনেমা আৰু জিঅ’ ক্লাউড পৰিসেৱাৰ লাভ তুলিব পাৰে। কিন্তু মনত ৰখা প্ৰয়োজন যে এই প্লেনত প্ৰিমিয়াম জিঅ’ ছাবস্ক্ৰিপছন পোৱা নাযাব। যিসকলে জিঅ’ প্ৰিমিয়াৰ ছাবস্ক্ৰিপশ্ব্যন বিচাৰে তেওঁলোকে ১,৪৯৯ টকাৰ ৰিচাৰ্ছ কৰিব পাৰে।
জিঅ’ টিভি প্ৰিমিয়াৰ ছাবস্ক্ৰিপশ্ব্যন প্লেনো সম্প্ৰতি লঞ্চ কৰিছে এই সংস্থাই। য’ত আনলিমিটেড ভয়েছ কল, আনলিমিটেজ ৫জি ডাটা, দৈনিক ১০০টা এছ এম এছৰ সুবিধাও আছে। ইয়াৰোপৰি ১৪টা অটিটি এপৰ ছাবস্ক্ৰিপশ্ব্যনো সম্পূৰ্ণ বিনামূলীয়াকৈ পাব পাৰে। জিঅ’ টিভি প্ৰিমিয়াৰ প্লেনত একাধিক সুবিধা ৰাখিছে সংস্থাটোৱে। এই ৰিচাৰ্ছ কৰাৰ বাবে সংস্থাৰ অফিছিয়েল ৱেবচাইট ভিজিট কৰিব পাৰে। মাই জিঅ’ এপৰ পৰাও এই ৰিচাৰ্ছ কৰাটো সম্ভৱ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ