• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গাজাত যুদ্ধতকৈয়ো পেটৰ ভোকক লৈহে শংকিত জনতা! গাজাৰ ৪০ শতাংশ মানুহৰ ওপৰত দুৰ্ভিক্ষৰ ছায়া

গাজাত যুদ্ধতকৈয়ো পেটৰ ভোকক লৈহে শংকিত জনতা! গাজাৰ ৪০ শতাংশ মানুহৰ ওপৰত দুৰ্ভিক্ষৰ ছায়া

3 years ago
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

1 hour ago
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

2 hours ago
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

2 hours ago
বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

3 hours ago
‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

4 hours ago
নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

5 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

প্ৰতি মাহে পাব কোন কোন ছাত্ৰ-ছাত্ৰীয়ে পাব ১২৫০ টকাকৈ?

5 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

LPG চিলিণ্ডাৰৰ ৰং কিয় ৰঙা? ৯৯% লোকে নাজানে এই কথা

7 hours ago
সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

7 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

8 hours ago
বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

9 hours ago
মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

গাজাত যুদ্ধতকৈয়ো পেটৰ ভোকক লৈহে শংকিত জনতা! গাজাৰ ৪০ শতাংশ মানুহৰ ওপৰত দুৰ্ভিক্ষৰ ছায়া

editor by editor
December 29, 2023
in বিবিধ, বিশ্ব, লেখা
0
গাজাত যুদ্ধতকৈয়ো পেটৰ ভোকক লৈহে শংকিত জনতা! গাজাৰ ৪০ শতাংশ মানুহৰ ওপৰত দুৰ্ভিক্ষৰ ছায়া
0
SHARES
723
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ খাদ্যৰ অভাৱে দেখা দিছে এতিয়া গাজা ভুখণ্ডত। যুদ্ধৰ মাজতেই এতিয়া জীয়াই থকাসকলৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান হৈছে ভোক। এমুঠি অন্ন আৰু পিয়াহ দূৰ কৰিবলৈ হাহাকাৰ এতিয়া গাজাবাসীৰ। ৰাষ্ট্ৰপুঞ্জৰ ত্ৰাণ সংস্থা ইউ এন আৰডব্লুৰ ডাইৰেক্টৰ থমাছ হোৱাইটে কৰিছে বিশেষ মন্তব্য। থমাছে এই সন্দৰ্ভত কয়, ‘গাজাৰ ৪০ শতাংশ মানুহৰ মূৰৰ ওপৰত এতিয়া দুৰ্ভিক্ষয় ছায়া। মানৱিকতাৰ খাতিৰতেই এতিয়া যুদ্ধ বন্ধ কৰিব লাগে। অন্যথা কিছু মানুহৰ খাদ্যৰ অভাৱতেই মৃত্যু হ’ব গাজাত।’

দক্ষিণ গাজাত লক্ষাধিক মানুহৰ হাতত ময়দাৰ পেকেট একোটা তুলি দিছে কিছু স্বেচ্ছাসেৱক সংস্থাই। কিন্তু সকলোৱে সেই ময়দাও পোৱা নাই। আশ্ৰয়শিবিৰত ৰন্ধা খাদ্যও যিমান জন ব্যক্তি আশ্ৰয় শিবিৰত আচে তাতকৈ চাৰিগুণ কম খাদ্য ৰন্ধা হৈছে। খাদ্যৰ বাবেই এতিয়া গাজাৰ চৌদিশে হাহাকাৰ। কোনো দেশৰ পৰা সাহায্য লাভ কৰিবলৈকো যুদ্ধৰ পৰিস্থিতিৰ মাজত যান-বাহন চলাচলত বহু বাধা আছে। ইউনিছেফৰ মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকাৰ ডাইৰেক্টৰ আদেল খোদেৰৰ মতে ২০২৩ চনৰ পৰা আৰম্ভ কৰিব বৰ্তমান পৰ্যন্ত ১২৪ জন পেলেষ্টাইনী শিশুৰ মৃত্যু হৈছে ৱেষ্ট বেংক আৰু পূব জেৰুজালেমত। প্ৰাণ হেৰুৱাইছে ৬টাকৈ ইজৰাইলী শিশুৱেও।

হামাছ-ইজৰাইল যুদ্ধৰ আজি ৮৩ দিন। সংবাদসূত্ৰমতে কালি অৰ্থাৎ বৃহস্পতিবাৰে গাজা ভূখণ্ডৰ বেট লাহিয়া, খান ইউনিছ আৰু মঘজি চহৰক ইজৰাইলী সেনাই আক্ৰমণ চলাইছে। এই আক্ৰমণত প্ৰাণ হেৰুৱাইছে ৫০জনকৈ লোকে। খান ইউনিছৰ এল আমাল চিটি হাস্পতালৰ ওচৰত হোৱা আক্ৰমণত প্ৰাণ হেৰুৱাইছে ১০ জনকৈ লোকে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ১২জনকৈ লোকৰ। ইজৰাইলৰ বিৰুদ্ধে অভিযোগ যে, মঘজিৰ শৰণাৰ্থী শিবিৰত অত্যন্ত ক্ষতিকাৰক অস্ত্ৰৰে তেওঁলোকে আক্ৰমণ চলাইছে। ইয়াৰোপৰি ব্যাপক আক্ৰমণ চলাইছে ৰামাল্লাসহ ৱেষ্ট বেংকৰ একাধিক চহৰচ। উত্তৰ গাজাত ইজৰাইলৰ বোমাত প্ৰাণ হেৰুৱাইছে দুজনকৈ সাংবাদিকেও। প্ৰাণ হেৰুওৱা দুজন সাংবাদিকৰ নাম হৈছে আহমেদ খায়েৰ আল দিন আৰু মহম্মদ খায়েৰ আল দিন। সকলো মিলি মুঠতে যুদ্ধবিধস্ত গাজাত প্ৰাণ হেৰুৱাইছে ১০৫ জন সাংবাদিকেও।

গাজাৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ সূত্ৰৰ খবৰ অনুসৰি ইজৰাইলৰ আক্ৰমণ এতিয়াও অব্যাহত আছে। বৰ্তমানলৈকে গাজাত প্ৰাণ হেৰুৱাইছে কমেও ২১ হাজাৰ ৩২০ জন লোকে। গুৰুতৰভাৱে আঘাত পাই মৃত্যুৰ সৈতে যুঁজি আছে ৫৫হাজাৰ ৬০৩ জন লোকে। স্বাস্থ্য মন্ত্ৰণালয়ৰ মুখপাত্ৰ আল কোয়াদ্ৰায়ে জনোৱামতে গাজা ভূখণ্ডত কমপক্ষেও ১৪২টা স্বাস্থ্যকেন্দ্ৰ আৰু ১০৪খন এম্বুলেঞ্চত ইচ্ছাকৃতভাৱেই আক্ৰমণ চলাইছে ইজৰাইলে। ইয়াৰোপৰি স্বাস্থ্য মন্ত্ৰণালয়ে আল ছিফা হাস্পতাল পুনৰ খোলাৰ বাবে আৱেদন জনাইছে।

ইজৰাইলী সেনাৰ ৪টা বাহিনীয়ে প্ৰতিদিনেই আক্ৰমণ চলাইছে গাজাত। বুধবাৰে নিশাৰ পৰা খান ইউনিছ আৰু তাৰ কাষৰীয়া এলেকাসমূহ দখল কৰাৰ চেষ্টা চলাই আছে। এই তথ্যৰ বিপৰীতে ইজৰাইলৰ দাবী যে, খান ইউনিছত থকা হামাছৰ এটা কেম্পহে উৰুৱাই দিছে ইজৰাইলী সেনাই। হামাছৰ বহু নেতা তাত লুকাই থকাৰ বাবে সেই কেন্দ্ৰটো উৰুৱাই দিছিল ইজৰাইলী সেনাই। খান ইউনিছত সুৰংগ খান্দি হামাছে লুকাই থকাৰ তথ্য পাইহে সেই সুৰংগত অভিযান চলাইছিল ইজৰাইলী সেনাই। খান ইউনিছৰ এটা মছজিদৰ ভিতৰেৰে আছিল সুৰংগ পথটো। তালাছি চলালে তাৰ আৰু সুৰংগ পোৱা যাব বুলিও দাবী কৰিছে ইজৰাইলী সেনাই। ইফালে এই অভিযানৰ বাবে একাংশই ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক হিটলাৰৰ সৈতে তুলনা কৰিছে তুৰস্কৰ প্ৰেছিডেণ্ট ৰিচেপ তায়িপ এৰ্দোয়ানে। ইজৰাইলৰ এই আক্ৰমণক দ্বিতীয় বিশ্বযুদ্ধৰ ইহুদি গণহত্যাৰ সৈতে তুলনা কৰিছে।

ইফালে লেবানন সীমান্তৰ হিজবুল্লাহৰ সৈতে সংঘাত আৰু তীব্ৰ হৈ উঠিছে ইজৰাইলৰ। চলিত সপ্তাহত ক্ষেপণাস্ত্ৰ আৰু ড্ৰোণ আক্ৰমণ পুনৰ বাঢ়িছে হিজবুল্লাৰ। সৰ্বাধিক আক্ৰমণ চলাইছে বুধবাৰে। ইজৰাইলৰ প্ৰতিৰক্ষামন্ত্ৰীয়ে হিজবুল্লাক সতৰ্ক কৰি জনাইছে, ‘এনেকৈ আক্ৰমণ কৰি থাকিলে লেবানন সীমান্তত ইজৰাইলে প্ৰতিৰক্ষা মন্ত্ৰী নমাই দিব।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ
বিনোদন

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

August 6, 2026
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ
বাণিজ্য

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

August 6, 2026
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে
বিনোদন

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

August 6, 2026
বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল
অসম

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

August 6, 2026
Next Post
কোন কোন ৰাশিৰ জাতকে ধনক অত্যাধিক প্ৰাধান্য দিয়ে? এই ৫ ৰাশিৰ হাতত ধনৰ অভাৱ কাহানিও নহয়

কোন কোন ৰাশিৰ জাতকে ধনক অত্যাধিক প্ৰাধান্য দিয়ে? এই ৫ ৰাশিৰ হাতত ধনৰ অভাৱ কাহানিও নহয়

একেলগে ৪টা বয়ফেণ্ড ৰাখিবলৈ টুইংকলক কৈছিল পিতৃ ৰাজেশ খান্নাই…

একেলগে ৪টা বয়ফেণ্ড ৰাখিবলৈ টুইংকলক কৈছিল পিতৃ ৰাজেশ খান্নাই...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.