স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ বাবে ৰিলায়েন্স জিঅ’-এ ভাৰতীয় গ্ৰাহকৰ বিশেষ অফাৰ আগবঢ়াইছে৷ জিঅ’ ডিজিটেল লাইফৰ ৰোমাঞ্চকৰ নতুন সুবিধা কঢ়িয়াই অনা ৩টা অনন্য পদক্ষেপৰ সৈতে জিঅ’ স্বাধীনতা দিৱসৰ অফাৰ ঘোষণা কৰিছে৷ এই অফাৰসমূহ হৈছে ক্ৰমে ৩০০০ টকাৰ, ৭৫০ টকাৰ বাবে বিশেষ ‘আনলিমিটেড প্লেন অৱ ৯০’ আৰু ‘হৰ ঘৰ ত্ৰিৰংগা, হৰ ঘৰ জিঅ’ ফাইবাৰ’ অফাৰ৷
JioFiberএ স্বাধীনতা দিৱসৰ বিশেষ অফাৰ দিছে৷ JioFiber সংযোগ ক্ৰয় কৰা সকলো নতুন গ্ৰাহকৰ বাবে ‘হৰ ঘৰ ত্ৰিৰংগা, হৰ ঘৰ JioFiber’ এক বিশেষ অফাৰ আগবঢ়াইছে জিঅ’এ। এই অফাৰ লাভ কৰিবলৈ ১২ আগষ্টৰ পৰা ১৬ আগষ্টৰ ভিতৰত গ্ৰাহকে JioFiber পোষ্টপেইড এণ্টাৰটেইনমেণ্ট বোনাঞ্জা প্লেন ল’ব লাগিব। সক্ৰিয়কৰণ কৰাৰ সময়ৰ পৰা ব্যৱহাৰকাৰীয়ে নিৰ্বাচিত প্লেনত অতিৰিক্ত ১৫ দিনৰ বিনামূলীয়া সুবিধা লাভ কৰিব।
লগতে পঢ়ক প্ৰেমিকক এৰি স্বামী ঘৰলৈ উভতি অহাৰ শাস্তি, গাঁৱৰ মাজৰ ৰাস্তাত প্ৰেমিকাক উলংগ কৰি প্ৰহাৰ প্ৰেমিকৰ
এই অফাৰ কেৱল ৪৯৯ টকা, ৫৯৯ টকা, ৭৯৯ টকা আৰু ৮৯৯ টকাৰ প্লেনৰ বাবেহে প্ৰযোজ্য।
যদি আপুনি ১৫ দিনৰ বাবে বিনামূলীয়া সুবিধা ল’ব বিচাৰে, তেন্তে আপুনি ১২ আগষ্টৰ পৰা ১৬ আগষ্টৰ ভিতৰত এই প্লেনবোৰৰ যিকোনো এটা বাছি ল’ব লাগিব। ১৯ আগষ্টৰ ভিতৰত এই পৰিকল্পনা সক্ৰিয় কৰা হ’ব। কিন্তু ৬ মাহ বা এবছৰৰ বাবে সংযোগ ক্ৰয় কৰিলেহে এই অফাৰটো উপলব্ধ হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ