অসম লাইভ ২৪ঃ যোৰহাটৰ অনিমেষ ভূঞা হত্যাকাণ্ডৰ মূল অভিযুক্ত ক’লা গুণ্ডাক গ্ৰেপ্তাৰ৷ যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ক’লা ওৰফে নীৰজ দাসক৷ বৰ্তমানলৈকে হত্যাকাণ্ডত জড়িত ১৩ জনক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে৷ গ্ৰেপ্তাৰ বিতোপন দাস, বিক্ৰম দাস, সুভাষ বৰা, অবিনাশ বৰা, মোহন দাস, দেৱ দা আৰু চিৰঞ্জীৱ দাস৷ ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছিল ক’লা গুণ্ডা৷ বড়িগাঁৱৰ এখন বাঁহনিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী নীৰজক৷ সোমবাৰে যোৰহাট নগৰৰ মাজমজিয়াত ক’লা গুণ্ডাৰ নেতৃত্বত গুণ্ডাবাহিনীৰ এটা দলে বৰ্বৰভাৱে হত্যা কৰিছিল ছাত্ৰনেতা অনিমেষ ভূঞাক৷ সদৌ অসম ছাত্ৰসন্থাৰ গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক সমিতিৰ শিক্ষা সম্পাদক আছিল অনিমেষ ভূঞা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ