নিশাৰ ৰাজপথত অচিনাকী দুৰ্বৃত্তই ছুৰীৰে আঘাত কৰি প্ৰাণ ল’লে সাংবাদিকৰ, দেশ জুৰি চাঞ্চল্য
কালি ২৫ জুন মঙলবাৰে নিশাৰ ৰাজপথত দৃৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱালে এগৰীক সাংবাদিকে। ৰাজপথতে ছুৰীৰে হানি খুচি প্ৰাণ কাঢ়িলে সাংবাদিকগৰাকীৰ। বিহাৰত সংঘটিত হৈছে এই ঘটনা। নিশা কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতাৰ পথতে সংঘটিত হয় এই ঘটনা।
বিহাৰৰ মুজাফ্ফৰপুৰত মঙলবাৰে গভীৰ নিশা এক দুৰ্বৃত্তবৰ দলে ঘৰলৈ উভতাৰ পথতে আগুৰি ধৰি এজন সাংবাদিকক ছুৰীৰে আঘাত কৰি হত্যা কৰে। এই ঘটনা ঘটিছিল সাংবাদিকগৰাকীৰ ঘৰৰ কিছু সমীপতে। নিহত সাংবাদিকজনৰ নাম শিৱশংকৰ ঝা।
ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে জনোৱা মতে, মঙলবাৰে গভীৰ নিশা শিৱশংকৰ ঝা কৰ্মথলীৰ পৰা ঘৰৰ উভতি আহি থকা অৱস্থাত হঠাতে অচিনাকি অপৰাধীয়ে ঘেৰি ধৰি ধৰাল অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰে৷ নিজকে সম্ভলি লোৱাৰ পূৰ্বেই অপৰাধীয়ে সাংবাদিকগৰাকীক গুৰুতৰভাৱে আহত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
ঘটনাটো দেখি স্থানীয় লোকে লগে লগে আৰক্ষীক খবৰ দিয়ে। ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ পাছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ সাংবাদিক শিৱশংকৰ ঝাক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি এছ কে এম চি এইচলৈ লৈ যায়। কিন্তু চিকিৎসকে সাংবাদিকগৰাকীক মৃত ঘোষণা কৰে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনোৱা মতে, সাংবাদিকজনৰ ফোনটোও সেই স্থানৰ পৰা নোহোৱা হৈছে। মোবাইলতে কোনো গুৰুত্বপূৰ্ণ তথ্য থকা নাইবা কোনো গোপন সম্ভেদ লাভ কৰাৰ বাবেই সাংবাদিক গৰাকীক তেনেদৰে ৰাজপথতে হত্যা কৰাৰ সন্দেহ প্ৰকাশ আৰক্ষীৰ। বৰ্তমান আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।
আনহাতে পৰিয়ালৰ লোকে ঘটনাৰ বিষয়ে জানিব পৰাৰ পাছতে হাহকাৰ লাগি যায়। উচিত তদন্তৰ দাবীৰে পৰিয়ালৰ লোক, স্থানীয় লোক তথা সচেতন মহলে প্ৰতিবাদো সাব্যস্ত কৰে। এতিয়াৰ আৰক্ষীৰ তদন্তত হে জানিব পৰা যাব কোনে কিয় তেনেদৰে ৰাজপথতে হত্যা কৰে সাংবাদিকগৰাকীক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ