অসম লাইভ২৪ঃ জোনমণিৰ পাছে পাছেই গুচি গ’ল ভাতৃ কৰুণা ৰাভাও। প্ৰয়াত SI জোনমণি ৰাভাৰ ককায়েক কৰুণা ৰাভাৰ মৃত্যু। GMCHতেই শেষ নিশ্বাস ত্যাগ কৰে জোনমণি ৰাভাৰ ভাতৃ কৰুণা ৰাভাই। মঙলবাৰে সন্ধিয়া প্ৰায় ৬.৪০মিনিটত শেষনিশ্বাস ত্যাগ কৰিছে জোনমণিৰ ভাতৃয়ে। দীৰ্ঘদিন ধৰি বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ আছিল কৰুণা ৰাভা। প্ৰায় ২০ দিন ধৰি GMCHত ভৰ্তি হৈ আছিল ৰাভা।
জোনমনিৰ মৃত্যুৰ পাছতেই দক্ষিণগাঁওৰ এই বিশেষ ঘৰখনলৈ নামি আহিল অমানিশা। অৰ্থৰ অভাৱতেই উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈছিল কৰুণা ৰাভা। প্ৰথমে হেল্থ চিটি হাস্পতালত চিকিৎসাধীন হৈ আছিল কৰুণা ৰাভা। অৰ্থৰ অভাৱত পৰৱৰ্তী সময়ত GMCHলৈ অনা হৈছিল জোনমণিৰ ভাতৃক। জোনমণিৰ মৃত্যুৰ উচিত তদন্তৰ দাবী কৰি কৰিয়েই গুচি গ’ল ভাতৃও। মাতৃ এতিয়া সম্পূৰ্ণ অকলশৰীয়া। দক্ষিণগাঁওৰ সেই বিশেষ ঘৰখনত এতিয়া কেৱল নিৰৱতা। অকালতে দুই পুত্ৰ কন্যাক হেৰুৱাই ভাঙি পৰা মাতৃৰ দুচকুত এতিয়া চকুপানীৰ বাদেনো অইন কি থাকিব? মাতৃয়ে হিয়াধাকুৰীয়াই কান্দিছে, মাতৃক বুজাবলৈ সাহস হৈ হাতখন ধৰিবলৈকো কোনো নাই। অকলেই মাতৃয়ে নিজক সামৰিব লাগিব। বাস্তৱক বুজিব লাগিব।
উল্লেখ্য যে, জোনমনিৰ মৃত্যু ৰহস্য উদঘাটনৰ বাবে এতিয়াও কাম কৰি আছে চিআইডিৰ দলে। কিছুদিন পূৰ্বে চিআইডিৰ দলে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে জোনমনি ৰাভাই ব্যৱহাৰ কৰা মোবাইল ফোনো। ইয়াৰোপৰি জোনমনিৰ মাতৃয়ে বাৰে বাৰে নাম লোৱা লীনা দলেকো সোধপোছ অব্যাহত ৰাখিছে চিআইডিৰ দলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ