নৱগ্ৰহৰ মাজত সূৰ্যৰ পাছতেই সকলোতকৈ ডাঙৰ গ্ৰহ হৈছে বৃহস্পতি৷ বৰ্তমান কৰ্কট ৰাশিত অৱস্থান কৰিছে বৃহস্পতি৷ আগন্তুক ১১ নৱেম্বৰৰ সন্ধিয়া ৬ বাজি ৩১ মিনিটত গুৰুগ্ৰহ বৃহস্পতিয়ে কৰ্কট ৰাশিৰ বক্ৰী হব৷ জ্যোতিষ অনুসৰি বৃহস্পতি অত্যন্ত শুভ গ্ৰহ৷ এই গ্ৰহৰ প্ৰভাৱত জাতকৰ জীৱনত দুৰ্দান্ত উন্নতি হয়৷ বৃহস্পতিৰ বক্ৰী চলত আৰম্ভ হলে ডাঙৰ উন্নতি কৰিব পাৰিব চাৰি ৰাশিৰ জাতকে৷ জানি থওক তালিকাত কোন কোন আছে?
বৃহস্পতিৰ বক্ৰী চলনত লাভ হব বৃষ ৰাশিৰ
বক্ৰী বৃহস্পতিৰ প্ৰভাৱত আৰ্থিকভাৱে লাভৱান হব বৃষ ৰাশিৰ জাতক৷ পাৰ্টনাৰৰ সৈতে ভাল সময় কটাব৷ ব্যক্তিগত সম্পৰ্কসমূহ পূৰ্বতকৈ মজবুত হব৷ কেৰিয়াৰত উন্নতি কৰাৰ যোগ আছে৷
বৃহস্পতিৰ বক্ৰী চলনত লাভ কন্যা ৰাশিৰ
বৃহস্পতিৰ বিপৰীতমুখী চলন আৰম্ভ হলে সুদিন উভতি আহিব কন্যা ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত নতুন নতুন বন্ধু হ’ব আপোনাৰ৷ প্ৰয়োজনত সকলো বন্ধুক কাষত পাব আপুনি৷ কেৰিয়াৰত উল্লেখযোগ্য উন্নতি কৰিব পাৰে৷ ব্যৱসায়তো মুনাফা বাঢ়িব৷
বৃহস্পতিৰ বক্ৰী চলনত লাভ বৃশ্চিক ৰাশিৰ
১১ নৱেম্বৰ বৃহস্পতি বক্ৰী হ’লে সৌভাগ্যৰ শ্ৰোত ব’ব বৃশ্চিক ৰাশিৰ জাতকৰ জীৱনত৷ অফিচত আপোনাৰ সাফল্যৰ গ্ৰাফ ঊৰ্ধমুখী হ’ব৷ নিজৰ প্ৰকৃত ক্ষমতা বুজিব পাৰে৷ পৰিশ্ৰমৰ সুফল লাভ কৰিব৷ আৰ্থিক অৱস্থা ভাল হব৷ নেতৃত্ব দিয়াৰ ক্ষমতা বাঢ়িব৷ পৰিশ্ৰমৰ সুফল লাভ কৰিব৷ আৰ্থিক অৱস্থা ভাল হব৷ নেতৃত্ব দিয়াৰ ক্ষমতা বাঢ়িব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















