পশ্চিম বংগত সংঘটিত ৰে’ল দুৰ্ঘটনাত বৰ্তমানলৈকে ১৫ জন লোকে মৃত্যু হৈছে। আনহাতে ৬০ জনতকৈয়ো অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে। তথ্য অনুসৰি আজি পুৱা প্ৰায় ৯ বজাত কলকাতাৰ ছিয়ালদাহলৈ যোৱা কাঞ্চনজংগা এক্সপ্ৰেছত এখন মালবাহী ট্ৰেইন খুন্দা মাৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত কাঞ্চনজংঘা ৰে’লখন ট্ৰেকত থিয় হৈ আছিল। দুৰ্ঘটনাত ৰে’লখনৰ ৩টা কোচ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈ পৰিছে৷
প্ৰাথমিক তদন্তত দুৰ্ঘটনাৰ কাৰণ ছিগনেলি বিভ্ৰাট বুলি জানিব পৰা গৈছে৷ সম্প্ৰতি ৰে’ল আৰক্ষী, ৰাজ্যিক প্ৰশাসনিক দলে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ৰে’লৱেই জাৰি কৰিছে হেল্পলাইন নম্বৰ। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱও ঘটনাস্থলীলৈ ৰাওনা হৈছে। আহত আৰু মৃতকৰ পৰিয়াললৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে ৰে’লৱেই। ঘটনাক লৈ বিৰোধীয়ে এইবাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে শাসক দলক৷ এই ঘটনাৰ কেইটামান বিগ আপডেট৷
https://x.com/kharge/status/1802595004646633927
১) ৰে’ল বিভাগত মুখ্য কাৰ্যবাহী বিষয়া তথা অধ্যক্ষ জয়া সিনহাই কয় যে মালবাহী ৰে’লখনৰ চালকে সংকেতক গুৰুত্ব নিদি আগবঢ়াৰ বাবেই সংঘটিত হৈছে এই ভয়াৱহ দুৰ্ঘটনা৷ এই দুৰ্ঘটনাত মালবাহী ট্ৰেইনৰ পাইলট আৰু সহ পাইলটে থিতাতে সাবটি লৈছে মৃত্যুক৷ বৰ্তমানো অব্যাহত আছে উদ্ধাৰ অভিযান৷
২) দুৰ্ঘটনাৰ পিছত কংগ্ৰেছ দলে উত্থাপন কৰিছে কেইবাটাও প্ৰশ্ন৷ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে কয়, ‘পশ্চিমবংগৰ জলপাইগুৰিত কাঞ্চনজংগা এক্সপ্ৰেছ ৰে’ল দুৰ্ঘটনাত বহু লোকে প্ৰাণ হেৰুৱাইছে৷ বহু লোক আহত হোৱাৰো খবৰ আহিছে৷ এই খবৰ লাভ কৰি আমিও অত্যন্ত দুখী৷ দুৰ্ঘটনাৰ দৃশ্য সঁচায়ে অতি বেদনাদায়ক। আমি নিহতৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলকো আশু আৰোগ্য কামনা কৰিছো৷ বিগত ১০ বছৰত মোদী চৰকাৰৰ ৰে’লবিভাগক ভুলকৈ পৰিচালিত কৰাৰ বাবেই এই ঘটনা সংঘটিত হৈছে৷ আমি সচেতন বিৰোধী হিচাপে প্ৰধানমন্ত্ৰীক এই আহ্বানেই জনাম যে, আত্মপ্ৰচাৰ এৰক, এই দুৰ্ঘটনাই আকৌ এবাৰ ৰে’ল বিভাগৰ পয়ালগা অৱস্থাকেই দেখুৱাই দিছে৷’
৩) তদন্তত প্ৰকাশ পাইছে যে, মালবাহী ট্ৰেইনখন অভাৰলোড হোৱাই নহয় অতিৰিক্ত স্পীডতো আছিল। সেইবাবেই মালবাহী ট্ৰেইনখন সংঘৰ্ষত লিপ্ত হৈছিল বুলি জনাইছে তদন্তকাৰী দলে৷
৫) দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালক প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰাৰ কথা ঘোষণা কৰা হৈছে। আনহাতে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মৃতকৰ পৰিয়াললৈ ১০ লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ