অসম লাইভ২৪ঃ ২০১৫ চনৰ শেষৰ পৰাই আৰম্ভ হৈছে ফ্লপ জাৰ্ণি। ‘তনু ৱেডছ মনু ৰিটাৰ্ণছ’ৰ পাছতেই সেই বছৰতে মুক্তি পাইছিল কংগনা ৰানাউট অভিনিত ছবি ‘কাট্টি বাট্টি’। বক্স অফিচত একেবাৰেই অসফল ছবি হৈছে ‘কাট্টি বাট্টি’। তাৰপিছতেই আহিছে ‘ছিমৰণ’, ‘জাজমেণ্টেন হে কিয়া’, পাংগা, থালাইভি, ধাকড়ৰ দৰে ছবি। আটাইকেইখন ছবিৰ প্ৰচাৰেই মন খুলি কৰিছিল যদিও এখনো ছবি সফল নহ’ল কংগনা ৰানাউটৰ।
শেহতীয়াকৈ মুক্তিলাভ কৰিছে কংগনাৰ ‘তেজছ’ নামৰ ছবিখনে। এই ছবিক লৈ একাংশ কংগনা অনুৰাগীৰ প্ৰত্যাশা আছিল যে, এইবাৰ কংগনাৰ ভাল দিন হয়তো আহিব। কেৱল অনুৰাগীয়েই নহয় কংগনাই নিজেও আশাৰে বাট চাইছিল। ২৭ অক্টোবৰত মুক্তিৰ পাছতেই কংগনাৰ আশাত চেঁচাপানী পৰিল। ২৭ তাৰিখৰ পৰা ১ তাৰিখলৈকে ৩ কোটিও ব্যৱসায় কৰিব নোৱাৰিলে তেজছে। নিজৰ ছবি প্ৰচাৰৰ বাবে উপায়হীন হৈ কংগনাই এইবাৰ সামাজিক মাধ্যমত হাতযোৰ কৰি জনতাক আহ্বান জনাইছে। দৰ্শকক অনুৰোধ কৰিছে প্ৰেক্ষাগৃহলৈ আহক ছবিখন চাওক। আনকি উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বাবেও বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছিল কংগনাই।
‘তেজছ’ চাই চকুপানী টুকিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও। যোগী আদিত্যনাথে ছবিখন ভাল হৈছে বুলি কোৱাৰ পাছতো ‘তেজছ’ চাবলৈ আগ্ৰহী নহয় দেশৰ প্ৰায়সংখ্যক লোকেই। দৰ্শকৰ অভাৱতেই ছবিখন শেহতীয়াভাৱে আঁতৰাই দিছে প্ৰায়সমূহ প্ৰেক্ষাগৃহই। মুম্বাইতেই নহয় দেশৰ সকলো প্ৰান্ততেই তেজছ বৰ্জন কৰিছে জনতাই। মুম্বাইৰ নামজ্বলা ‘গেইটি গেলাক্সি’ প্ৰেক্ষাগৃহৰ মালিক মনোজ দেশাইয়ে এই সন্দৰ্ভত কয়, ‘চলিত বছৰত কোনো ছবিৰ অৱস্থা ইমান বেয়া হোৱা নাই। তেজছৰ সমান ফ্লপ ছবি মোৰ ইয়াত চলাই নাই। দেওবাৰে ছুটিৰ দিনাও মাত্ৰ ১০০ জন দৰ্শক আহিছিল। এটা এটা শ্ব’ত মাত্ৰ ১০-১২ জন দৰ্শক আছিল। সোমবাৰৰ পৰা আমি ৫০ শতাংশতকৈ অধিক শ্ব’ বাতিল কৰিছো।’
মনোজৰ মতে, ১২ত ফেইল’ ছবিখনেই ‘তেজছ’তকৈ বেছি ভাল ব্যৱসায় কৰিছে। ‘দ্যা ফ্ৰাইডে চিনেমা’ মাল্টিপ্লেক্সৰ মালিকে এই সন্দৰ্ভত কয়, ‘আমি ৬টাকৈ শ্ব দিছিলো। এজনো দৰ্শক তেজছ চাবলৈ নাহিল। ১০ জনকৈ আহিলেও আমি ছবিখন চলালোহেতেন। এতিয়া ৪-৫জনো দৰ্শক নহা চিনেমা চলাই আমি সময় নষ্ট কৰি থকাতকৈ বাতিলেই কৰিছো।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ