পোলেণ্ড সুন্দৰী কৰোলিনা বিলাউস্কাই ২০২১ বৰ্ষৰ বিশ্ব সুন্দৰী খিতাপ লাভ কৰিছে৷
পুয়েৰোট ৰিকোত অনুষ্ঠিত হোৱা ৭০ সংখ্যক বিশ্ব সুন্দৰী প্ৰতিযোগিতাত পুলিশ সুন্দৰী কৰোলিনাৰ শিৰত ২০২১ৰ বিশ্ব সুন্দৰীৰ মুকুট জিলিকি উঠিল৷
পুয়েৰোট ৰিকোৰ চান জুয়ানৰ কোকা-কোলা মিউজিক হলত অনুষ্ঠিত এই প্ৰতিযোগিতাত ভাৰতীয় মূলৰ আমেৰিকান সুন্দৰী শ্ৰী ছাইনীয়ে প্ৰথম ৰাণাৰ-আপৰ সন্মান লাভ কৰিছে৷
লগতে পঢ়ক চ্যুটকেচত উদ্ধাৰ ৰাষ্ট্ৰপতি পুটিনক চাইক’পেথ বুলি দাবী কৰা সুন্দৰী মডেলৰ মৃতদেহ!
আনহাতে দ্বিতীয় ৰাণাৰ-আপৰ সন্মান লাভ কৰিছে কোট ডি’আইভ’ৰৰ অলিভিয়া য়াচেই৷
কোভিড পৰিস্থিতিৰ বাবে যোৱা বৰ্ষৰ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখন এইবাৰ পলমকৈ অনুষ্ঠিত কৰা হৈছিল৷
ইফালে প্ৰায় ১০০ দেশত পোনপতীয়া সম্প্ৰচাৰ হোৱা প্ৰতিযোগিতাখনত ৬৯ সংখ্যক বিশ্ব সুন্দৰীৰ প্ৰতিযোগিতাৰ বিজয়ী অৰ্থাৎ ২০২০ বৰ্ষৰ বিশ্ব সুন্দৰী টনি-এন সিঙে কাৰোলিনাৰ শিৰত বিজয়ী মুকুট পৰিধান কৰোৱায়৷
লগতে পঢ়ক তীব্ৰ প্ৰতিৰোধ ইউক্ৰেইনৰ : ৭ হাজাৰ ৰুছ সেনাক হত্যা ইউক্ৰেইন সেনাৰ!
মুকুট শিৰত লৈয়ে অশ্ৰুসিক্ত নয়নেৰে কাৰোলিনাই কয়, ‘‘মোৰ নাম ঘোষণা কৰা শুনিয়ে মই হতবাক হৈ পৰিছিলো। মই এতিয়াও এই কথাটো বিশ্বাস কৰিব পৰা নাই। মই গোটেই জীৱন পুয়েৰ্টো ৰিকোৰ এই আশ্চৰ্যকৰ অধ্যায়টো মনত ৰাখিম।’’
২০২১ বৰ্ষৰ বিশ্ব সুন্দৰীৰ মুকুট অৰ্জন কৰা কাৰোলিনা বৰ্তমান মেনেজমেণ্টৰ স্নাতকোত্তৰ ডিগ্ৰী অধ্যয়ন কৰি আছে৷ সাঁতুৰি, স্কুবা ডাইভিং, টেনিছ আৰু বেডমিণ্টন খেলিও ভালপোৱা কাৰোলিনাই মেনেজমেণ্ট বিষয়ত পিএইচডি কৰিবলৈ বিচাৰে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ