ভাৰতৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ পঞ্জাৱৰ হৰভজন সিঙে ৰাজ্যসভাৰ সাংসদ হ’ব৷ এই কথা প্ৰায় নিশ্চিত হৈছে৷
পঞ্জাৱত আম আদমি পাৰ্টিৰ চৰকাৰ গঠন হোৱাৰ পিছতে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে সক্ৰিয় ৰাজনীতি প্ৰৱেশ কৰাতো একপ্ৰকাৰ নিশ্চিত হৈছে৷
বুধবাৰে পঞ্জাৱত আম আদমি পাৰ্টিৰ ভগৱন্ত সিং মানৰ চৰকাৰ গঠন হোৱাৰ পিছতে দলটোৱে এই কথা ঘোষণা কৰিছে৷
লগতে পঢ়ক তীব্ৰ প্ৰতিৰোধ ইউক্ৰেইনৰ : ৭ হাজাৰ ৰুছ সেনাক হত্যা ইউক্ৰেইন সেনাৰ!
উল্লেখ্য যে ৰাজ্যখনৰ বিগত বিধানসভা নিৰ্বাচনত আপ-এ অভিলেখসংখ্যক আসনত বিজয়ী হোৱাৰ পিছতে চলিত মাহৰ শেষত খালী হ’বলগীয়া ৰাজ্যখনৰ ৰাজ্যসভাৰ পাঁচখন আসন লাভ কৰিব৷
সূত্ৰৰ মতে নৱগঠিত ভগৱন্ত সিং মান চৰকাৰে হৰভজন সিঙক ৰাজ্যখনৰ এখন ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পৰিচালনাৰ দায়িত্বও অৰ্পণ কৰিব৷
আনহাতে পঞ্জাৱ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে যোৱা ফেব্ৰুৱাৰিত প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে বিজেপিত যোগদান কৰাৰ বাতৰি উলাইছিল৷ এই বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যখনৰ এজন জ্যেষ্ঠ বিজেপি নেতাই ক্ৰিকেটাৰ হৰভজন সিং আৰু যুৱৰাজ সিঙে বিজেপিত যোগদান কৰিব বুলিও প্ৰকাশ কৰিছিল৷
লগতে পঢ়ক কৰ্মচাৰীৰ বাবে সুখবৰ, প্ৰধানমন্ত্ৰী মোদীয়ে কৰ্মচাৰীক দিব বিশেষ উপহাৰ!
কিন্তু পিছত সেয়া উৰা বাতৰি বুলি অভিহিত কৰি ক্ৰিকেটাৰ হৰভজন সিঙে বিজেপিত যোগদান কৰাৰ কথা অস্বীকাৰ কৰে৷
ইয়াৰ পিছতো প্ৰাক্তন ক্ৰিকেটাৰগকাৰীৰ অন্য এক উৰা বাতৰি ওলোৱা দেখা গৈছিল৷ প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা পঞ্জাৱ কংগ্ৰেছৰ সভাপতি নৱজিৎ সিং সিদ্ধুৱে হৰভজন সিঙৰ সৈতে তোলা এখন ফ’টো টুইটাৰ শ্বেয়াৰ কৰিছিল৷ সেই টুইটোৰ পিছতে হৰভজন সিঙে কংগ্ৰেছত যোগদান কৰিব বুলিও বাতৰি উলাইছিল৷
কিন্তু এইবোৰক উৰা বাতৰি প্ৰমাণ কৰি আম আদমি পাৰ্টিয়ে হৰভজন সিঙক ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ