অসম লাইভ ২৪ঃ কাজিৰঙাত ১৪৪ ধাৰা জাৰি কৰিলে কলিয়াবৰ মহকুমা প্ৰশাসনে। আমগুৰিৰ পৰা বাগৰিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে। বাৰিষাৰ সময়ত বন্যপ্ৰাণীয়ে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰোঁতে দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ প্ৰশাসনে হাতত লৈছে এই পদক্ষেপ।
১) এই সময়ছোৱাত ৪০ কিমি.তকৈ অধিক স্পীডত চলাব নোৱাৰিব বাহন।
২) ৫ জনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব।
৩) নিশাৰ ভাগত ৪ চকীয়া বাহনে কোনো প্ৰমাণিত কাৰণ নোহোৱাকৈ সেই অঞ্চল পাৰ হ’ব নোৱাৰিব।
৪) উচ্চ স্বৰত কোনো কোনো বাহনে বজাব নোৱাৰিব হৰ্ন।
৫) আৰক্ষী, অৰ্ধসামৰিক বাহিনী, বনকৰ্মী, VIP লোকৰ ছিকিউৰিটীত থকা লোকক দিয়া হ’ব ৰেহাই।
৬) স্বাস্থ্য বিভাগৰ লোক, ৰোগী, এম্বুলেন্স আৰু কোভিড ডিউটীত থকা লোককে দিয়া হ’ব ৰেহাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ