অসম লাইভ২৪ঃ চলি আছে চাৰধাম যাত্ৰা৷ চাৰধাম যাত্ৰাৰ মাজতেই তীৰ্থযাত্ৰীৰ বাবে আছে কেইবাটাও নিৰ্দেশনা৷ কেদাৰনাথ, বদ্ৰীনাথ ধামত ৰীলছ বনোৱা সম্পূৰ্ণ নিষেধ৷ বিগত বৰ্ষৰ পৰাই এই নিয়ম আৰম্ভ কৰিছে উত্তৰপ্ৰদেশ চৰকাৰে। কেদাৰনাথ মন্দিৰ কৰ্তৃপক্ষই কৰা আৱেদনৰ ভিত্তিতেই লোৱা হৈছে এই সিদ্ধান্ত। বদ্ৰীনাথ আৰু কেদাৰনাথ মন্দিৰ সমিতিয়ে মন্দিৰ চৌহদত ৰীল বন্ধ কৰিবৰ বাবে প্ৰশাসনলৈ বিগত বৰ্ষতেই কৰিছিল বিশেষ আৱেদন। আৱেদনৰ পাছতেই উত্তৰপ্ৰদেশ চৰকাৰে কেদাৰনাথ আৰু বদ্ৰীনাথৰ ঠায়ে ঠায়ে ৰীলছ নবনাব বুলি পোষ্টাৰিঙো কৰিছে।
কেদাৰনাথ মন্দিৰৰ এটা বিশেষ ভিডিঅ’ই সামাজিক মাধ্যমত খলকনি তোলাৰ পাছতেই সৰৱ হৈ পৰিছিল একাংশ ভক্ত। একাংশই যদি ভাইৰেল ভিডিঅ’ৰ সমালোচনা কৰিছিল আন একাংশই আকৌ হালধীয়া কুৰ্তা আৰু হালধীয়া শাৰী পৰিহিতা বিশেষ যুৱক-যুৱতীহালৰ ৰোমান্সক সমালোচনা কৰিছিল। এই ভিডিঅ’ক লৈয়েই কঠোৰ হৈ পৰিছিলকেদাৰনাথ আৰু বদ্ৰীনাথ মন্দিৰ কৰ্তৃপক্ষ। বদ্ৰীনাথ আৰু কেদাৰনাথ মন্দিৰ সমিতিৰ অধ্যক্ষ অজেন্দ্ৰ অজয়ে কয়, ‘কেদাৰনাথ মন্দিৰৰ ভিতৰত যদি এতিয়া কোনো লোকে ফটো তোলে তেন্তে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব। হাতত মোবাইল ফোন লৈ মন্দিৰত প্ৰৱেশ কৰিব পাৰিব কেৱল ফটোহে ল’ব নোৱাৰিব ভক্তই। ভিডিঅ’ ৰীল বনোৱা বনোৱা লোকসকলেও সাৱধান হ’ব। আমাৰ আপত্তি নাই তীৰ্থযাত্ৰীৰহে এই বিষয়ত আপত্তি আছিল সেয়ে আমি এই সিদ্ধান্ত ল’লো।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















