কুকুৰ পুহি ভাল পায় নেকি, তেন্তে পঢ়ক এই বাতৰি, চৰকাৰে আনিছে নতুন নিয়ম, এতিয়াৰ পৰা কৰিব লাগিব এই কাম
বৰ্তমানৰ সময়ত বহু লোকেই কুকুৰ পুহি বহুত ভায় পায় । কিন্তু এই ক্ষেত্ৰত কিছু বাধা আহি পৰিছে। এতিয়াৰ পৰা কুকুৰ পুহিলে কৰিব লাগিব ৰেজিষ্ট্ৰেছন তথা পঞ্জীয়ন। নতুবা ভৰিব লাগিব জৰিমনা।
এই নতুন নিয়ন আনিছে উত্তৰপ্ৰদেশৰ মুৰাদাবাদত। ইয়াত পোহনীয়া কুকুৰ ৰখাৰ বাবে পৌৰ নিগমত পঞ্জীয়ন বাধ্যতামূলক কৰা হৈছে। ইয়াৰ লগতে কুকুৰৰ পঞ্জীয়ন কৰাটোও প্ৰয়োজনীয় হৈ পৰিছে।
তেনে নকৰিলে জৰিমনা ভৰিব লাগিব। পূৰ্বনিৰ্ধাৰিত পঞ্জীয়ন মাচুলৰ লগতে নিষিদ্ধ নোহোৱা পোহনীয়া কুকুৰটোৰ উচ্চতা আৰু জাতৰ ওপৰত নিৰ্ভৰ কৰি ১০০০ টকা জৰিমনাও ভৰিব লাগিব।
৩০ জুনলৈকে জৰিমনা হ’ব এক হাজাৰ টকা। ১ জুলাইৰ পৰা আৰু বৃদ্ধি পাব। ১০০০ টকা জৰিমনা বাদ দি প্ৰতিদিনে আৰু ১০০ টকা যোগ কৰা হ’ব। অৰ্থাৎ ১ জুলাইৰ পৰা চাৰিদিন পঞ্জীয়নত পলম হ’লে ১৪০০ টকা জৰিমনা ভৰিব লাগিব। এই জৰিমনা পৰিশোধ কৰাৰ পিছতহে পঞ্জীয়ন কৰা হ’ব।
পঞ্জীয়ন মাচুল আৰু অন্যান্য প্ৰয়োজনীয় চৰ্ত-
দুফুট পৰ্যন্ত ওখ কুকুৰৰ পঞ্জীয়ন মাচুল – ১০০০ টকা।
দুফুটৰ ওপৰৰ কুকুৰৰ পঞ্জীয়ন মাচুল – ২৫০০ টকা।
প্ৰজনন বা বিক্ৰীৰ বাবে পঞ্জীয়ন মাচুল উচ্চতাৰ ওপৰত নিৰ্ভৰ কৰি ১০০০ টকাৰ পৰা ২৫০০ টকালৈকে।
পঞ্জীয়নৰ বাবে মালিকৰ আধাৰ কাৰ্ড, কুকুৰৰ টিকাকৰণৰ প্ৰমাণ পত্ৰ আৰু কুকুৰৰ ফটো।
পঞ্জীয়ন নকৰাৰ দোষী সাব্যস্ত হ’লে প্ৰতিদিনে ১০০০ টকা জৰিমনা বিহা হ’ব।
৩০ জুনৰ পিছত নিৰ্দিষ্ট জৰিমনা মাচুলৰ লগতে প্ৰতিদিনে ১০০ টকা আৰু অধিক জৰিমনা বৃদ্ধি পাব।
কুকুৰ মেলাৰ আয়োজন কৰাসকলে ১০০০ টকা মাচুল জমা দি অনুমতি ল’ব লাগিব।
উপ-বিধি কাৰ্যকৰী হোৱাৰ পিছৰে পৰা নিষিদ্ধ কুকুৰ ৰখাৰ অনুমতি নাই।
যদিহে তেনে কুকুৰ ৰাখিছে, তেতিয়াহলে নিষিদ্ধ কৰা কুকুৰৰ জাতৰ স্বীকৃতিৰ প্ৰমাণ পত্ৰ দেখুৱাব লাগিব।
পঞ্জীয়ন মাচুলৰ লগতে এতিয়া দেৰি মাচুল হিচাপে ১০০০ টকা জৰিমনা বিহা হ’ব। ৩০ জুনৰ পিছত প্ৰতিদিনে ১০০ টকাও জৰিমনা যোগ কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ