দীপাৱলীৰ নিশা মহানগৰীত ভয়ংকৰ দুৰ্ঘটনা, নিহত ২, গুৰুতৰভৱে আহত ১
কালি ৩১ অক্টোবৰ দীপাৱলীৰ নিশা গুৱাহাটীবাসী এফালে আনন্দ উল্লাস কৰি থকাৰ মাজতে মহনগৰীৰৰ খানাপাৰাত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়৷ যাৰ ফলত থিতাতে প্ৰাণ হেৰুৱাই দুজন লোকে। আন এগৰাকী গুৰুতৰভাৱে আহত।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, কালি নিশা খানাপাৰত দুখন স্ক’ৰপিঅ বাহনৰ মাজত প্ৰচণ্ড জোৰে মুখামুখি সংঘৰ্ষ হয়। যাৰ ফলত ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই এগৰাকী যুৱক আৰু এগৰাকী যুৱতীয়ে।
স্থানীয়লোকৰ মতে এখন বাহনে খানাপাৰত পথৰ দিশ সলাব লওতেই নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা ক্ষীপ্ৰ গতিত অহা আন এখন স্ক’ৰপিঅ বাহনখনত প্ৰচণ্ড জোৰে খুন্দা মাৰি অভাৰব্ৰীজৰ খুটাত খুন্দা মাৰে। যাৰ ফলত ভাঙি চুৰমাৰ হৈ পৰে এখন স্কৰপিঅ বাহন।
দুৰ্ঘটনা দেখা প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া অনুসৰি, দুৰ্ঘটনাৰ সময়ত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা স্কৰপিও বাহন খনত এজন যুৱক আৰু দুগৰাকী যুৱতী আছিল।
ঘটনাৰ খবৰ লাভৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ববে প্ৰেৰণ কৰে। আনহাতে গুৰুতৰভাৱে আহত যুৱতীগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায়। পাছে বৰ্তমানলৈ যুৱক-যুৱতী কেইগৰাকীৰ পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ