লাপতা লেডিজৰ অস্কাৰ যাত্ৰা, ভাৰকত প্ৰতিনিধিত্ব কৰিব কিৰণ ৰাওৰ ছবিয়ে
আমিৰ খানৰ প্ৰাক্তন পত্নী তথা ভাৰতীয় চিনেমাৰ ছবি পৰিচালক কিৰণ ৰাওৰ লাপতা লেডিজৰ অস্কাৰ যাত্ৰা। অস্কাৰলৈ বুলি ভাৰতক প্ৰতিনিধিত্ব কৰিব চিনেমাখনে। বহুকেইখন চিনেমাক পৰাস্ত কৰি অস্কাৰলৈ বুলি নিৰ্বাচিত হৈছে চিনেমাখন।
৯৭ সংখ্যক অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিবলগা চিনেমাখনক লৈ বহু আশা কৰিছে এতিয়া ভাৰতৰ চিনেমা অনুৰাগীসকলে। অস্কাৰলৈ অফিচিয়েল এণ্ট্ৰি হিচাপে প্ৰৱেশ চিনেমাখনৰ।
‘লাপতা লেডিজ’ৰ লগতে অস্কাৰলৈ যোৱাৰ এই অফিচিয়েল তালিকাৰ দৌৰত আছিল ‘এনিমেল’, ৰাষ্ট্ৰীয় পুৰষ্কাৰ প্ৰাপ্ত মালায়লম চিনেমা ‘অট্টম’ আৰু কাঁন চিনেমাত বঁটা লাভ কৰা ‘অল ৱী ইমেজিন এজ লাইট’ ছবি। কিন্তু অৱশেষত কেউখনত পিছত ৰাখি আগবাঢ়ি যায় এক বিহাৰৰ এক অতিকে সাধাৰণ কইনা সালসলনি হোৱা ঘটনাৰ ওপৰত নিৰ্মিত লাপতা লেডিজে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ