ভাৰতত প্ৰায় ৪৯ কোটি মানুহে তেওঁলোকৰ ফোনত ৰিলায়েন্স জিঅ’ চিম কাৰ্ড ব্যৱহাৰ ব্যৱহাৰ কৰে৷ ইয়াৰ মাজতেই স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ ওপৰিও জিঅ’ ফোন ব্যৱহাৰকাৰী আৰু জিঅ’ ফোন প্ৰাইম ব্যৱহাৰকাৰীও আছে৷ সম্প্ৰতি সেই জিঅ’ ৰিচাৰ্জ প্লেনৰ দাম বঢ়াই দিছিল৷ কিন্তু এতিয়া তেওঁলোকে নিজেই ৰিচাৰ্জৰ দাম কমাবলৈ বাধ্যও হৈছে৷ আপুনি যদি এমাহৰ বাবে কম খৰচত ফ্ৰি কলিং, দীৰ্ঘদিনৰ ম্যাদ আৰু ডাটা চায় তেন্তে আপোনাৰ বাবে সুখবৰ আছে৷
Jio ২২৩ টকাৰ ৰিচাৰ্জ প্লেন
এই প্লেনৰ বৈধতা ২৮ দিন আৰু এই সময়ৰ মাজত যি কোনো নেটৱৰ্কত আনলিমিটেড ফ্ৰি কলিঙৰ সুবিধা লাভ কৰিব৷ ইয়াৰোপৰি ব্যৱহাৰকাৰীয়ে প্ৰতিদিনে ১০০ টা SMS কৰিব পাৰিব৷ গ্ৰাহকে ২৮ দিনত ৫৬ জিবি ডাটা উপভোগ কৰিব পাৰিব৷ প্ৰতিদিনে পাব ২জিবিকৈ ডাটা৷ এই প্লেনটো এনে ব্যৱহাৰকাৰীৰ বাবে আদৰ্শ যিয়ে কম খৰচত প্ৰচুৰ ডাটা বিচাৰে৷
ব্যৱহাৰকাৰীয়ে জিঅ’ চিনেমা ব্যৱহাৰ কৰিব পাৰিব৷ OTT ষ্ট্ৰিমিঙৰ খৰচ বচাব পাৰিব আৰু Jio TV আৰু Jio ক্লাউডৰ বিনামূলীয়া সদস্যপদো পাব৷ ২২৩ টকাৰ এই প্লেন কেৱলমাত্ৰ Jio Phone Prima ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ৷ অৰ্থাৎ স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে এই প্লেন ল’ব নোৱাৰিব৷
ইয়াৰোপৰি ৰিলায়েন্স জিঅ’ৰ ৪বছৰ পূৰ্ণ হোৱাৰ কিছু বিশেষ ৰিচাৰ্জ প্লেন তৈয়াৰ কৰিছে৷ এই অফাৰটো কেৱলমাত্ৰ কেইবাদিনৰ বাবে কিছু নিৰ্বাচিত প্লেন পোৱা যাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ